NORTHEAST NOW (Assamese)
অসম

ভাৰতীয় হেণ্ডবল ফেডাৰেচনৰ উদ্যোগত বেলশৰত ৰাষ্ট্ৰীয় পুৰুষ-মহিলা হেণ্ডবল প্ৰতিযোগিতা

Posted by: এন ই নাও নিউজ March 14, 2019 8:26 am
ভাৰতীয় হেণ্ডবল ফেডাৰেচনৰ উদ্যোগত বেলশৰত ৰাষ্ট্ৰীয় পুৰুষ-মহিলা হেণ্ডবল প্ৰতিযোগিতা

ভাৰতীয় হেণ্ডবল ফেডাৰেচনৰ উদ্যোগত অসম হেণ্ডবল সন্থাৰ সহযোগত আৰু বেলশৰ আঞ্চলিক ক্ৰীড়া সংঘৰ আমন্ত্ৰণত কাইলৈৰ পৰা অৰ্থাৎ ১৫, ১৬, ১৭ মাৰ্চত ২৩ সংখ্যক ৰাষ্ট্ৰীয় পূব মাণ্ডলিক দিবা-নৈশ পুৰুষ-মহিলা হেণ্ডবল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। দিবা-নৈশ পুৰুষ মহিলাৰ হেণ্ডবল প্ৰতিযোগিতাখন স্থানীয় বেলশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজন কৰা হ’ব।

এই উপলক্ষে লক্ষ্মী পাটোৱাৰীক সভাপতি, হৰিশ গোস্বামীক কাৰ্যকৰী সভাপতি, সুনীল পাটোৱাৰীক মুখ্য সম্পাদক, চন্দন হালৈক সম্পাদক, জিতুমণি হালৈ, দ্বীপজ্যোতি মেনাক যুটীয়া সম্পাদক হিচাপে লৈ প্ৰতিযোগিতা আদৰণি সমিতি গঠন কৰা হৈছে।

ইফালে প্ৰতিযোগিতা আদৰণি সমিতিৰ সভাপতি, মুখ্য সম্পাদকে জানিবলৈ দিয়া মতে প্ৰতিযোগিতাত অসম, অৰুণাচল, মেঘালয়, মণিপুৰ, ত্ৰিপুৰা, পশ্চিম বংগ, ঝাৰখণ্ড, বিহাৰ, ওড়িশা, নাগালেণ্ডৰ দলে অংশ গ্ৰহণ কৰিব।