NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাস্কেট বল খেলুৱৈ উৎপল চেতিয়াৰ মৃত্যু

Posted by: পার্শ্বজোতি গগৈ Updated by: পার্শ্বজোতি গগৈ July 19, 2019 6:41 am
IMG-20190719-WA0002

শিৱসাগৰ চহৰৰ মাজমজিয়াৰ লাচিত নগৰ নিবাসী উদীয়মান ব্যৱসায়ী তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাস্কেট বল খেলুৱৈ উৎপল চেতিয়া (সৰু মাইনা) বৃহস্পতিবাৰে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত মৃত্যু হয়। প্ৰায় ডেৰ বছৰ ধৰি দূৰাৰোগ্য ৰোগৰ সতে যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানে সৰু মাইনাই।

ৰাজ্যৰ লগতে ৰাজ্যৰ বাহিৰতো চিকিৎসা গ্ৰহণ কৰি শেহতীয়াকৈ শিৱসাগৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল আৰু বৃহস্পতিবাৰে দিনৰ এক বজাত উৎপল চেতিয়াৰ মৃত্যু হয়।

দহ বছৰ বয়সৰ পৰাই উৎপল চেতিয়াই বাস্কেট বল খেলি নিজকে এগৰাকী সুদক্ষ খেলুৱৈ হিচাপে প্ৰতিষ্ঠা কৰিছিল। ৰাষ্ট্ৰীয় পৰ্যায়ত ১৯৯৫ চনত অসম দলক প্ৰতিনিধিত্ব কৰি সোণৰ পদক অৰ্জন কৰাৰ লগতে ১৯৯৭ চনত ব্ৰঞ্জৰ পদক অৰ্জনেৰে অসমলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল।

মৃত্যুৰ আগমুহূৰ্তলৈকে উৎপল চেতিয়া শিৱসাগৰ বাস্কেট বল সন্থাৰ যুটীয়া সম্পাদক হিচাপে দায়িত্ব পালন কৰি থকাৰ লগতে আৰু নিমাইজান হুঁচৰি দলৰ অন্যতম সদস্য আছিল।

মৃত্যুৰ সময়ত উৎপল চেতিয়াই ইহ সংসাৰত মাতৃ, পত্নী, ভাতৃৰ লগতে বহুটো আত্মীয় স্বজনক এৰি থৈ গৈছে।

উৎপলৰ মৃতদেহ শিৱসাগৰ বাস্কেট বল সন্থাৰ কাৰ্যালয়লৈ অনা হয় আৰু তাতে বিভিন্ন দল সংগঠন তথা ব্যক্তি বিশেষে ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ গৰাকীক শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ অন্তত থানামুখৰ শান্তিবন শ্মশানত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়।