NORTHEAST NOW (Assamese)
Popular Stories

ৰেবিছ আক্ৰান্ত কুকুৰে কামোৰাৰ ফলত ৰাষ্ট্ৰীয় পৰ্যায়ৰ পেৰা এথলীটৰ মৃত্যু!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 10, 2025 3:48 pm
ৰেবিছ আক্ৰান্ত কুকুৰে কামোৰাৰ ফলত ৰাষ্ট্ৰীয় পৰ্যায়ৰ পেৰা এথলীটৰ মৃত্যু!

ৰাষ্ট্ৰীয় পৰ্যায়ৰ পেৰা এথলীট যোগেন্দ্ৰ ছাত্ৰীৰ (৩৩) ৰেবিজ আক্ৰান্ত কুকুৰে কামোৰাৰ ফলত ওড়িশাৰ বালাংগীৰত মৃত্যু হয়। জানিব পৰা মতে, যোৱা ২৩ জুলাইত হঠাতে ৰাস্তাত মানুহৰ ওপৰত কুকুৰটোৱে আক্ৰমণ চলাইছিল।যোগেন্দ্ৰ আৰু কিছুমান ছাত্ৰ-ছাত্ৰীকে ধৰি এজনৰ পিছত এজনকৈ ছয়জন লোকক কামুৰিছিল।

কামোৰ কাণ্ডত আহত ৬ জন লোকক প্ৰথমে বালাংগীৰ জিলা সদৰ চিকিৎসালয়লৈ লৈ যোৱা হয়। পিছত তেওঁলোকক উন্নত চিকিৎসাৰ বাবে বুৰ্লালৈ প্ৰেৰণ কৰা হয়। ইয়াৰে চাৰিজন চিকিৎসাৰ অন্তত সুস্থ হৈ উঠে যদিও শনিবাৰে চিকিৎসাৰ সময়তে যোগেন্দ্ৰ আৰু আন এগৰাকী ভুক্তভোগী হৃষিকেশ ৰাণা (৪৮)ৰ মৃত্যু হয়।

যোগেন্দ্ৰ ছাত্ৰীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ পেৰা এথলীট হিচাপে পৰিচিত আছিল। তেওঁৰ আকস্মিক মৃত্যুৱে অঞ্চলটোৰ ওপৰত শোকৰ ছাঁ পেলাইছে।

উল্লেখযোগ্য যে যোৱা মাহত কেন্দ্ৰই কৈছিল যে এই বছৰ দেশত ৩৭ লাখতকৈ অধিক কুকুৰে কামোৰাৰ বাতৰি পোৱা গৈছে আৰু ‘সন্দেহযুক্ত কুকুৰে কামোৰাৰ ফলত ৫৪ জন লোকৰ মৃত্যু পঞ্জীয়ন কৰা হৈছে।