NORTHEAST NOW (Assamese)

৯ নৱেম্বৰৰ পৰা ডিব্ৰুগড়ৰ চৌকিডিঙিত অনুস্থিত হ’ব ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাৰস মেলা

October 30, 2018 2:38 pm · অভীক চক্ৰবৰ্তী
Updated: October 30, 2018 2:39 pm

গ্ৰাম্য শিল্পীসকলৰ হস্তশিল্পজাত সামগ্ৰীৰ বাবে এখন বজাৰ আৰু তেওঁলোকৰ কাৰ্যদক্ষতা প্ৰদৰ্শনৰ বাবে এখন মঞ্চ প্ৰদান কৰাৰ বাবে ভাৰত চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰ্যালয়ৰ পৃষ্ঠপোষকতাত ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত কৰা হয়। অসমত অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানে (Assam State Rural Livelihood Mission)বছৰি ‘সাৰস’ (Sale of Articles of Rural Artisans Society অৰ্থাৎ SARAS) মেলাৰ আয়োজন কৰি আহিছে।

এই বছৰ এই ‘সাৰস’ মেলা নৱেম্বৰৰ ৯ তাৰিখৰ পৰা নৱেম্বৰৰ ১৮ তাৰিখলৈকে ডিব্ৰুগড়ৰ চৌকিডিঙিত অনুষ্ঠিত কৰা হ’ব।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই মেলাখনত অসমকে ধৰি ভাৰতৰ বিভিন্ন  অংশৰ আত্মসহায়ক গোটসমূহৰ হস্ততাঁত আৰু হস্তশিল্পজাত সামগ্ৰী প্ৰদৰ্শনী আৰু বিক্ৰিৰ ব্যৱস্থা কৰা হ’ব। এই মেলাত আত্মসহায়ক গোটসমূহক বজাৰৰ সূত্ৰ প্ৰতিষ্ঠা কৰাৰ বাবে এখন মঞ্চ প্ৰদান কৰাৰ উপৰিও নগৰীয়া গ্ৰাহকসকলৰ মাজত গ্ৰাম্য জীৱিকাৰ উপৰত গ্ৰহণ কৰা উদ্যোগ সন্দৰ্ভত এটা সচেতনতা সৃষ্টি কৰা হ’ব। এই মেলাখনত ১০০তকৈও অধিক বিপণি থাকিব।

এই মেলাখন গ্ৰাম্য শিল্পীসকলৰ দক্ষতা আৰু জ্ঞানক প্ৰদৰ্শন কৰোৱা আৰু তেওঁলোকৰ উপাৰ্জন বৃদ্ধি কৰাৰ বাবে নিষ্ঠা আৰু আৱেগক উদগনি দিয়াৰ বাবে এক চৰকাৰীভাৱে গ্ৰহণ কৰা উদ্যোগ।

Related News