NORTHEAST NOW (Assamese)
অসম

সমন্বয় পুথিভঁৰালৰ সহযোগত  নলবাৰীত দিনযোৰা কাৰ্যসূচীৰে “ৰাষ্ট্ৰীয় পুথিভঁৰাল দিৱস” উদযাপন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 13, 2021 4:25 pm
mahh

সমগ্ৰ শিক্ষা নলবাৰীৰ উদ্যোগত আৰু সমন্বয় পুথিভঁৰালৰ সহযোগত, নলবাৰী জিলাৰ বিহামপুৰৰ জনতা চ’কত অৱস্থিত জিলা খনৰ এটি আগশাৰীৰ গ্ৰাম্য পুথিভঁৰাল সমন্বয় পুথিভঁৰালৰ প্ৰাংগণত ৰাতিপুৱা ৮ বজাৰ পৰা দিনজোৰা কাৰ্যসূচীৰে “ৰাষ্ট্ৰীয় পুথিভঁৰাল দিৱস” উদযাপন কৰা হয়।

ৰাষ্ট্ৰীয়পুথিভঁড়াল দিৱসৰ লগত সংগতি ৰাখি “বিদ্যালয় পৰ্যায়ত পুথিভঁৰাল স্থাপন আৰু সুচাৰু পৰিচালনা বিষয়ক” এখন কৰ্মশালাও অনুষ্ঠিত হয়। ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকা দেৱৰ কালজয়ী গীতেৰে আৰম্ভ হোৱা কৰ্মশালা খন উদ্বোধন কৰে নলবাৰী জিলাৰ শিক্ষা বিষয়া সীমান্ত কুমাৰ ডেকাই।

আদৰণি ভাষণ প্ৰদান কৰে সমন্বয় পুথিভঁৰালৰ কাৰ্যকৰী সভাপতি  নুৰুল ইছলামে। কৰ্মশালা খনত বক্তৃতা প্ৰদান কৰে বিশিষ্ট কথাশিল্পী, টংলা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰ প্ৰাপ্ত অধ্যাপক তথা সমন্বয় পুথিভঁৰালৰ সভাপতি  জয়ন্ত কুমাৰ চক্ৰৱৰ্তীয়ে।

তেখেতে সাধুকথাৰ জৰিয়তে কেনেকৈ কণ কণ শিশু তথা আমাৰ ছাত্ৰ- ছাত্ৰীৰ সৃজনী শক্তি, কল্পনা শক্তি, নীতি জ্ঞান আহৰণ, বৌদ্ধিক বিকাশ, ভাষাৰ দক্ষতা আয়ত্ব, কথা কোৱাৰ কৌশলৰ বিকাশ হয় তাৰ ওপৰত এক মনোগ্ৰাহী বক্তব্য আগবঢ়ায়।

অনুষ্ঠানটোত খণ্ড পৰ্য্যায়ৰ পৰা নিৰ্বাচিত হোৱা ছাত্ৰ-ছাত্ৰীৰ মাজত হোৱা বক্তৃতা প্ৰতিযোগিতা শ্ৰেষ্ঠত্ব অর্জন কৰে পূব-নলবাৰী শিক্ষা খণ্ডৰ অন্তৰ্গত জ্ঞানদয় উচ্চ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী মৃগাক্ষী গোস্বামীয়ে।

বিদ্যালয় পৰ্যায়ত পুথিভঁৰাল স্থাপন আৰু সুচাৰু পৰিচালনা সম্পৰ্কত আলোচনা আগবঢ়ায় সমন্বয় পুথিভঁৰালৰ কৰ্মকৰ্তা ক্ৰমে আবেদুৰ ৰহমান, নুৰুল ইছলাম, মনোৱাৰ হুছেইন আৰু কিশোৰ চক্ৰৱৰ্তীয়ে।

নলবাৰী জিলাৰ জিলা আঁচনি বিষয়া মাননীয় আবেদুৰ ৰহমানে উক্ত অনুষ্ঠানটোৰ আঁত ধৰে। পূব-নলবাৰী শিক্ষা খণ্ডৰ শিক্ষা বিষয়া ইনামূল মজিদ উপস্থিত থাকে।

নলবাৰী জিলাৰ বিভিন্ন শিক্ষা খণ্ডৰ কিছু নিৰ্বাচিত মণ্ডল সমল কেন্দ্ৰ সমন্বয়কে কৰ্মশালাটোত অংশগ্ৰহণ কৰে।

সংগীতা ৰহমানে বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ গীতেৰে উপস্থিত লোকক এক সুকীয়া সোৱাদ দিয়ে। অনুষ্ঠানটোৰ শেষত শলাগৰ শৰাই আগবঢ়ায় সমন্বয় পুথিভঁৰালৰ কোষাধ্যক্ষ মনোৱাৰ হুছেইনে ।