NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰৰ চ্যুকাফা হাস্পতালত ৰক্তদান শিবিৰ সম্পন্ন

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ May 10, 2020 9:05 pm

দেশত ক’ৰনা ভাইৰাছে মহামাৰী ৰূপ ধাৰণ কৰাৰ বাবে সমগ্ৰ দেশতে তৃতীয় পৰ্যায়ৰ লকডাউন চলি আছে। যাৰ বাবে সমগ্ৰ দেশৰ নাগৰিক এতিয়া গৃহবন্দী।

দীৰ্ঘদিনীয়া এই লকডাউনৰ বাবে দেশৰ বিভিন্ন চিকিৎসালয়ৰ লগতে শিৱসাগৰৰ বিভিন্ন চিকিৎসালয়ৰ ব্লাড বেংক সমূহত তেজৰ নাটনি হোৱা দেখিবলৈ পোৱা গৈছে।

এনে সমস্যা সমাধানৰ বাবে আজি নেশ্যনেল মেডিকচ অৰগেনাইজেশ্যনৰ উদ্যোগত তথা সেৱা ভাৰতী পূৰ্বাঞ্চল আৰু স্বৰ্গদেও চ্যুকাফা মাল্টি স্পেচিয়েলিটি হাস্পতালৰ সহযোগত শিৱসাগৰৰ ৰজাবাৰীস্থিত স্বৰ্গদেও চ্যুকাফা মাল্টি স্পেচিয়েলিটি হাস্পতালত এক ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়।

দিনৰ ১০ বজাৰ পৰা অনুষ্ঠিত এই ৰক্তদান শিবিৰত জিলাখনৰ প্ৰায় ৯৭ গৰাকী ব্যক্তিয়ে ৰক্তদান কৰে।

উল্লেখ্য যে নেশ্যনেল মেডিকচ অৰগেনাইজ্যেশ্যন নামৰ চিকিৎসকসকলৰ এটা সন্থাই সেৱা ভাৰতী পূৰ্বাঞ্চল আৰু চ্যুকাফা হস্পিতেলে বিগত দিনত ৰক্ত ধাৰা নামেৰে এটা যোজনাৰ জড়িয়তে ৰাইজৰ সেৱাৰ বাবে অসমৰ বিভিন্ন স্থানত ৰক্তদানৰ শিবিৰ আয়োজন কৰি বিভিন্ন চৰকাৰী চিকিৎসালয়ৰ ব্লাড বেংকত তেজৰ অভাৱ পূৰণ কৰি আহিছে।