NORTHEAST NOW (Assamese)
অসম

মুখ্যমন্ত্ৰীৰ স্বপ্নৰ শীৰ্ষ পাঁচ ৰাজ্যৰ অসম দেশৰ দৰিদ্ৰতম ৰাজ্যৰ তালিকাত ষষ্ঠ স্থানত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 27, 2021 8:33 pm
National Multidimensional Poverty Index National Multidimensional Poverty Index

ধোঁৱাচাঙত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উন্নয়ন আৰু বিকাশৰ শ্লোগান, বিজেপিৰ বিশ্বাস, উন্নয়ন আৰু বিকাশৰ দম্ভালি। ফুটুকাৰ ফেন যোগী আদিত্যনাথে দম্ভালি মাৰি থকা বিকাশ আৰু উন্নয়ন।

দেশৰ ভিতৰতে আটাইতকৈ দৰিদ্ৰতম ৰাজ্য হিচাপে পৰিগণিত হৈছে বিজেপি শাসিত ৰাজ্যসমূহ।

নীতি আয়োগৰ মাল্টিডাইমেনশ্যনেল প’ৰ্ভাটী ইনডেক্স(MIP)ত প্ৰকাশিত তথ্যত দেখা গৈছে এই ছবি। মুঠ জনসংখ্যাৰ ৩২.৬২ শতাংশ দৰিদ্ৰতাৰে অসম আছে এই তালিকাৰ ষষ্ঠ স্থানত। অৰ্থাৎ মুখ্যমন্ত্ৰীৰ ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সপোনৰ পাঁচ নং ৰাজ্য অসমে দৰিদ্ৰতম ৰাজ্যৰ ভিতৰতহে ষষ্ঠ স্থান লাভ কৰিছে।

প্ৰকাশিত সূচাংক অনুসৰি বিহাৰৰ ৫১.৯১ শতাংশ লোকেই হৈছে দৰিদ্ৰ ৰাজ্য। ৪২.১৬ শতাংশৰে ঝাৰখণ্ড দ্বিতীয়, ৩৭.৭৯ শতাংশৰে উত্তৰ প্ৰদেশ তৃতীয়, ৩৬.৬৫ শতাংশৰে মধ্যপ্ৰদেশে চতুৰ্থ আৰু ৩২.৬৭ শতাংশৰে মেঘালয়ে পঞ্চম স্থানত আছে।

ইয়াৰে ঝাৰখণ্ডৰ বাহিৰে আটাইকেইখন ৰাজ্যত হয় বিজেপি চৰকাৰ নহয় বিজেপিৰ মিত্ৰ জোঁটৰ চৰকাৰ আছে।

ইফালে পুষ্টিহীনতাৰ দিশতো বিজেপি শাসিত ৰাজ্যসমূহৰ অৱস্থা তথৈৱচ। ৫১.৮৮ শতাংশৰে বিহাৰ আছে শীৰ্ষ স্থানত। ৪৭.৯৯ ঝাৰখণ্ড দ্বিতীয়, ৪৫.৪৯ শতাংশৰে মধ্য প্ৰদেশ তৃতীয়, ৪৪.৪৭ শতাংশৰে চতুৰ্থ স্থানত আছে উত্তৰ প্ৰদেশ। এই শাখাতো অসমে ৩৯.৬৭ শতাংশ সূচাংকৰে সপ্তম স্থানতহে আছে।

নীতি আয়োগৰ সূচাংকত বামপন্থী শাসিত কেৰেলাই শীৰ্ষ স্থানত আছে। ৰাজ্যখনৰ দৰিদ্ৰ লোকৰ সংখ্যাৰ হাৰ মাত্ৰ ০.৭১ শতাংশ। ইয়াৰ পিছতে ৩.৭৬ শতাংশ হাৰে গোৱা দ্বিতীয়, ৩.৮২ শতাংশৰে ছিকিমে তৃতীয়, ৪.৮৯ শতাংশৰে তানিলনাডু চতুৰ্থ আৰু ৫.৫৯ শতাংশৰে পঞ্জাৱে আছে পঞ্চম স্থানত।

নীতি আয়োগে মুখ্যতঃ তিনিটা বিশেষ বিষয়ৰ ওপৰত ভিত্তি কৰি এই সূচকাংক যুগুতাইছে। সেই তিনিটা হৈছে, স্বাস্থ্য, শিক্ষা আৰু জীৱন ধাৰণৰ মান।

১২টা বিশেষ সূচকৰ আধাৰত এই তিনিটা স্তৰৰ মান নিৰূপন কৰা হৈছে। সেইকেইটা হৈছে, পৰিপুষ্টি, শিশু-কিশোৰৰ মৃত্যুৰ হাৰ, প্ৰসৱপূৰ্ব যত্ন, স্কুলীয়া শিক্ষাবৰ্ষ, বিদ্যালয়ত উপস্থিতি, ৰন্ধন গেছ, চাফ-চিকুনতা, বিজুলী, গৃহৰ সুবিধা, সম্পত্তি বেংক একাউণ্ট আদি। অৰ্থাৎ এই আটাইবোৰ মৌলিক প্ৰয়োজনীয় বিষয়ৰ ক্ষেত্ৰতে এই ৰাজ্যকেইখন পিছপৰি আছে।

এই তালিকাৰ পৰা এইটো স্পষ্ট হৈছে দেশৰ বিজেপি শাসিত ৰাজ্যসমূহৰ অৱস্থা অতি শোচনীয়। অৰ্থাৎ বিজেপি শাসিত ৰাজ্যসমূহত কেৱল দৰিদ্ৰতাৰ প্ৰকোপৰ বেছিয়েই নহয় পুষ্টিহীনতাও অত্যধিক।

বিজেপি শাসিত ৰাজ্যসমূহত দৰিদ্ৰতাৰ প্ৰকোপ কিয় বৃদ্ধি পাইছে? তাৰ উত্তৰ বিজেপিয়ে দিব নে?