NORTHEAST NOW (Assamese)
অসম

মুখ্য মন্ত্ৰী সোণোৱাল-ৰঞ্জিত দাসে ক্ষমা নোখোজা পৰ্যন্ত আন্দোলন চলাই নিয়াৰ হুংকাৰ

Posted by: পুলেন্দ্ৰ দাস December 23, 2018 8:16 am

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ ‌সভাপতি ৰাহুল গান্ধী আৰু কংগ্ৰেছ দল সন্দৰ্ভত আগবঢ়োৱা অশোভনীয় মন্তব্যৰ প্ৰতিবাদ এতিয়াও অব্যাহত আছে। ২২ ডিচেম্বৰত বৰপেটা চহৰত কংগ্ৰেছ দলৰ ছাত্ৰ সংগঠন এন এছ ইউ আইয়ে মুখ্য মন্ত্ৰী গৰাকীৰ প্ৰতিকৃতি দাহ কৰে।

এন এছ ইউ আইৰ জিলা সভাপতি মাহবুবুৰ ৰহমানৰ নেতৃত্বত বৰপেটা ৰাজীৱ ভৱনৰ সন্মুখত শনিবাৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহ কৰি ‘সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, ৰঞ্জিত কুমাৰ দাস মুৰ্দাবাদ, বে জে পি গ’ বেক, ৰাহুল গান্ধী জিন্দাবাদ, এন এছ ইউ আই জিন্দাবাদ’ আদি বিভিন্ন শ্ল’গান দিয়ে।

লগতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে ক্ষমা নোখোজা পৰ্যন্ত আন্দোলন চলাই নিয়াৰ হুংকাৰ প্ৰদান কৰে উপস্থিত এন এচ ইউ আইৰ নেতা-কৰ্মীসকলে ৷

উল্লেখযোগ্য যে ২০ ডিচেম্বৰত নতুন দিল্লীত অনুষ্ঠিত এক সংবাদমেলত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিখিল ভাৰত কংগ্ৰেছ দলৰ ‌সভাপতি ৰাহুল গান্ধীৰ বিৰুদ্ধে বিৰূপ মন্তব্য দিয়াৰ লগতে কংগ্ৰেছ দল “বেইমান”ৰ দল বুলি মন্তব্য কৰিছিল। ৰাহুল গান্ধী আৰু কংগ্ৰেছ দল সন্দৰ্ভত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আগবঢ়োৱা এনে অশোভনীয় মন্তব্যৰ পিছতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই পৰহি প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে ২১ ডিচেম্বৰত বৰপেটাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কংগ্ৰেছ কৰ্মীসকলে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰে।

২২ ডিচেম্বৰত পুনৰ কংগ্ৰেছ দলৰ ছাত্ৰ সংগঠন এন এছ ইউ আইয়ে মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতিকৃতি দাহ কৰি মুখ্য মন্ত্ৰী আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসক সকীয়াই দিয়ে। যিহেতু পূৰ্বে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসেও ৰাহুল গান্ধীক “ননচেঞ্চ” সাংসদ বুলি উপলুঙাসূচক মন্তব্য প্ৰদান কৰিছিল।