NORTHEAST NOW (Assamese)
অসম

৮ জানুৱাৰিত দেশজুৰি বেংকৰ লগতে কেন্দ্ৰীয় কৰ্মচাৰীৰো সাধাৰণ ধৰ্মঘটৰ আহ্বান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 4, 2020 2:12 pm
strike

অহা সপ্তাহত আপোনাৰ যদি বেংকৰ জৰুৰী কাম আছে তেতিয়াহ’লে সোনকালেই কৰি লওক। কিয়নো ৮ জানুৱাৰিত বেংকৰ ধৰ্মঘট আছে।

বেংকৰ ধৰ্মঘটৰ ফলত বেংকৰ লেনদেন প্ৰভাৱিত হোৱাৰ সম্ভাৱনা আছে।

বেংকিং খণ্ডৰ কেন্দ্ৰীয় ট্ৰেড য়ুনিয়নে ৮ জানুৱাৰিত বেংকৰ ধৰ্মঘটৰ সিদ্ধান্ত লৈছে।

নিখিল ভাৰত বেংক কৰ্মচাৰী সংস্থাই জানিবলৈ দিয়া মতে এই ধৰ্মঘটক ১০টা য়ুনিয়নে সমৰ্থন কৰিছে।

নিখিল ভাৰত বেংক কৰ্মচাৰী সংস্থাৰ সচিব প্ৰধান চি এছ ভেংকটচলমে জানিবলৈ দিয়ে যে চৰকাৰৰ নীতিৰ বিৰোধ কৰিবলৈকে উক্ত ধৰ্মঘটৰ আহ্বান দিয়া হৈছে।

নিয়োগৰ নতুন ক্ষেত্ৰ মুকলি কৰা, শ্ৰম আইন সংশোধন বন্ধ কৰা আৰু চাকৰিৰ সুৰক্ষা সম্পৰ্কীয় দাবীসমূহ ধৰ্মঘটৰ জৰিয়তে উত্থাপন কৰা হ’ব।

আনহাতে, শ্ৰম মন্ত্ৰী সৈতে আলোচনাৰ এদিন পাছতেই শুকুৰবাৰে ১০টা কেন্দ্ৰীয় কৰ্মচাৰী সংগঠনে চৰকাৰৰ শ্ৰম বিৰোধী নীতিৰ বিৰুদ্ধে ৮ জানুৱাৰিত সাধাৰণ ধৰ্মঘটৰ ঘোষণা কৰিছে।

কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ ১০টা সংগঠনে সন্মিলিতভাৱে কয় যে কেন্দ্ৰীয় শ্ৰম মন্ত্ৰীক সাক্ষাৎ কৰাৰ পাছত তেওঁলোকে সন্মিলিতভাৱে ৮ জানুৱাৰিত সাধাৰণ ধৰ্মঘটৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।