NORTHEAST NOW (Assamese)
Popular Stories

শান্ত হোৱা নাই প্ৰকৃতি : পুনৰ উত্তৰ পূৰ্বাঞ্চলক জোকাৰি গ’ল ভূমিকম্পই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 19, 2023 4:27 pm

তুৰ্কীত ক্ষয়ংকাৰী ভূমিকম্পই সৰ্বনাশ কৰাৰ পিছতেই উত্তৰ পূৰ্বাঞ্চলতো দেখা পোৱা গৈছে কেইবাটাও ভূমিকম্প।

এইবাৰ ভূমিকম্পই কঁপাই তুলিছে অৰুণাচল প্ৰদেশৰ কিছু অংশ। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য ৩.৮। ৰাষ্ট্ৰীয় ভূমিকম্প গৱেষণা কেন্দ্ৰৰ প্ৰতিবেদন অনুসৰি আজি নিশা ১২:০০ বজাত ভূমিকম্পই অঞ্চলটো জোকাৰি যায়।

কেৱল অৰুণাচল প্ৰদেশতে নহয়, উত্তৰমধ্য অসম, বাংলাদেশ, নাগালেণ্ড আৰু পূব ভূটানৰ কেইবাটাও অঞ্চলত শেহতীয়াকৈ বহুকেইটা সৰুবৰ ভূমিকম্প অনুভূত হোৱাৰ কথা জানিবলৈ দিছে ভূমিকম্প গৱেষণা বিভাগে।

উল্লেখ্য যে এতিয়ালৈকে এই ভূমিকম্প কেইটাৰ ফলত কোনো লোক হতাহতি বা সাসম্পত্তিৰ ক্ষতি হোৱাৰ খবৰ পোৱা নাই।