NORTHEAST NOW (Assamese)
অসম

NCB raid at Ananya Panday’s residence: শ্বাহৰুখ পুত্ৰ আৰিয়ানৰ ভগ্নী সুহানাৰ বান্ধৱী অভিনেত্ৰী অনন্যা পাণ্ডেৰ বাসগৃহত NCBৰ তালাচী

Posted by: এন ই নাও নিউজ, গুৱাহাটী October 21, 2021 1:37 pm
NCB raid at Ananya Panday’s residence

NCB raid at Ananya Panday’s residence ড্ৰাগছ কাণ্ডৰ গোচৰত নাৰক’টিক্স কন্ট্ৰ’ল ব্যুৰো (NCB)ই পুনৰ নতুনকৈ অভিযান আৰম্ভ কৰিছে। এইবাৰ তালাচী চলোৱা হৈছে বলীউদৰ তাৰকা অভিনেত্ৰী অনন্যা পাণ্ডেৰ বাসগৃহত।

শ্বাহৰুখ খানৰ পৰিয়ালৰ ঘনিষ্ঠ হিচাপে পৰিচিত অনন্যাৰ বাসগৃহত তালাচী চলোৱাৰ পাছত ড্ৰাগছ কাণ্ডই আৰু নতুন মোৰ লোৱাৰ সম্ভাৱনা আছে।

বহুতেই অনন্যাৰ বাসগৃহত NCBৰ এই তালাচীৰ সৈতে শ্বাহৰুখ পুত্ৰ আৰিয়ান খানৰ ড্ৰাগছৰ গোচৰৰ সৈতে সংযোগ বিচাৰি পাইছে।

Latest News: পৰ্ণ ভিডিঅ’ নোচোৱাই হ’ল কাল ! কলিয়াবৰৰ বামুণীৰ মথৌখাটত লোমহৰ্ষক হত্যাকাণ্ড

ইপিনে, বোম্বে হাইকোৰ্টে আজি আৰিয়ানৰ জামিন আবেদনৰ শুনানিৰ দিন ঘোষণা কৰিছে। জানিব পৰা মতে অহা ২৬ অক্টোবৰত আৰিয়ানৰ জামিনৰ শুনানিৰ দিন নিৰ্দ্ধাৰণ কৰা হৈছে।

বুধবাৰে বিশেষ এনডিপিএছ আদালতত জামিন আবেদন খাৰিজ হোৱাৰ পাছত হাইকোৰ্টৰ দ্বাৰস্থ হৈছিল আৰিয়ান খান।

বোম্বে হাইকোৰ্টৰ ন্যায়াধীশ নীতিশ ছাম্বৰৰ এজনীয়া বিচাৰপীঠত শীঘ্ৰে শুনানি কৰাৰ বাবে আবেদন জনাইছিল।

ইয়াৰ পাছতে শুনানিৰ বাবে ২৬ অক্টোবৰৰ দিন ধাৰ্য কৰা হৈছে। লগতে ২৫অক্টোবৰৰ ভিতৰত NCBক উত্তৰ দিবলৈ কোৱা হৈছে।