NORTHEAST NOW (Assamese)
অসম

এন চি পি নেতা শাৰদ পাৱাৰৰ শাৰীৰিক অৱস্থাৰ অৱনতি! জৰুৰীভাৱে পুনেৰ চিকিৎসালয়ত ভৰ্তি

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী February 22, 2026 1:19 pm

এন চি পি নেতা শাৰদ পাৱাৰৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটিছে। পুনেৰ এখন ব্যক্তিগত চিকিৎসালয়ত পুনৰ ভৰ্তি কৰোৱা হৈছে জ্যেষ্ঠ নেতাগৰাকীক। প্ৰথম অৱস্থাত শাৰদ পাৱাৰৰ শৰীৰত পানীৰ মাত্ৰা যথেষ্ট হ্ৰাস পোৱা বুলি জনা গৈছে।

উল্লেখ্য যে চলিত মাহৰ আৰম্ভণিতে এন চি পিৰ নেতাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। এসপ্তাহ পূৰ্বে তেওঁক ডিচচাৰ্জ দিয়া হৈছিল। কিন্তু পুনৰ অৱস্থাৰ অৱনতি ঘটাৰ লগে লগে দেওবাৰে তেওঁক ততাতয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰা হয়।

দীৰ্ঘদিন ধৰি জ্যেষ্ঠ নেতাগৰাকীয়ে বাৰ্দ্ধক্যজনিত একাধিক ৰোগত আক্ৰান্ত হৈ আছে। তেওঁ ঘৰত আছিল যদিও তেওঁ চিকিৎসকৰ তত্বাৱধানত আছিল। শেহতীয়াকৈ তেওঁৰ চৰ্দিৰ বাবে উশাহ-নিশাহ ল’বলৈ অসুবিধা হ’বলৈ ধৰিলে। ক্ৰমান্বয়ে সমস্যাটো বাঢ়ি আহিছিল। ইয়াৰ পিছত চিকিৎসকৰ পৰামৰ্শমতে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

কিন্তু এইবাৰ পাৱাৰৰ শৰীৰত পানীৰ মাত্ৰা কমিছে। চিকিৎসালয়ৰ সূত্ৰ অনুসৰি তেওঁক চেলাইন দিয়া হৈছে। এতিয়াৰ বাবে তেওঁৰ শাৰীৰিক অৱস্থা সুস্থিৰ বুলি কোৱা হৈছে যদিও চিকিৎসকে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে।

প্ৰসংগক্ৰমে নব্বৈৰ দশকত শাৰদ পাৱাৰৰ মুখত কেন্সাৰ সংক্ৰমণ ধৰা পৰিছিল। আমেৰিকা আৰু ভাৰতত বহুবাৰ অস্ত্ৰোপচাৰ কৰি এই মাৰাত্মক ৰোগত আৰোগ্য লাভ কৰিছিল।

কিছুদিন পূৰ্বে বাৰামাটিত বিমান দুৰ্ঘটনাত শাৰদ পাৱাৰৰ ভতিজাক তথা মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যু হৈছিল। অজিতৰ মৃত্যুত তেওঁ ভাগি পৰিছিল। এতিয়া মহাৰাষ্ট্ৰৰ এন চি পি সমৰ্থকসকল স্বাভাৱিকতে ৮৫ বছৰীয়া নেতাগৰাকীৰ অসুস্থতাক লৈ চিন্তিত হৈ পৰিছে। তেওঁলোকে শাৰদৰ আশু আৰোগ্য কামনা কৰিছে।