NORTHEAST NOW (Assamese)
অৰুণাচল

অৰুণাচল প্ৰদেশৰ ১৪,০০০ ফুট উচ্চতাত ভাৰতীয় সেনা বাহিনীৰ উদ্ধাৰ অভিযান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 2, 2020 8:37 pm
Indian Army Rescue operation

অৰুণাচল প্ৰদেশৰ ১৪,০০০ ফুট উচ্চতাত আবদ্ধ হৈ থকা সাধাৰণ লোক আৰু পৰ্যটক সকলক উদ্ধাৰৰ বাবে ভাৰতীয় সেনা বাহিনীয়ে ২৯ ফেব্ৰুৱাৰিত উদ্ধাৰ অভিযান চলায়।

ভাৰতীয় সেনাবাহিনীৰ চিকিৎসকৰ দলক লগত লৈ সেনা বাহিনীৰ দুটা দলে ২৯ ফেব্ৰুৱাৰিৰ নিশাটো উদ্ধাৰ অভিযান চলাই মহিলা, শিশুসকলকে ধৰি মুঠ ১১১ গৰাকী নাগৰিককক উদ্ধাৰ কৰাৰ লগতে বৰফৰ মাজত আবদ্ধ হৈ থকা ৭০ খন বাহনো উদ্ধাৰ কৰে।

অৰুণাচল প্ৰদেশৰ চেলা পাছত শূন্য ডিগ্ৰী উষ্ণতাত ভাৰতীয় সেনা বাহিনীৰ উদ্ধাৰকাৰী দলে এই অভিযান চলায়।

সেনা বাহিনীৰ উদ্ধাৰকাৰী দলে বৰফৰ মাজত আবদ্ধ হৈ থকা লোক সকলক উদ্ধাৰ কৰি গৰম চাহ, বিস্কুট আৰু অন্যান্য খাদ্য সামগ্ৰী যোগান ধৰে।

আনহাতে, পৰ্যটক সকলে সেনা বাহিনীৰ এই সহায়ৰ বাবে বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰে।

অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰীকে ধৰি ৰাজ্য চৰকাৰে সমগ্ৰ পৰিস্থিতি নিৰীক্ষণ কৰি ভাৰতীয় সেনা বাহিনীৰ সময়োচিত উদ্ধাৰ অভিযানক প্ৰশংসা কৰে।