NORTHEAST NOW (Assamese)
Popular Stories

ইতিহাস ৰচনা ভাৰতৰ অনুপৰ্ণা ৰায়ৰ, ৮২ সংখ্যক ভেনিচ চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ পৰিচালকৰ সন্মান অৰ্জন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 7, 2025 3:15 pm

বিশ্বৰ অন্যতম প্ৰতিষ্ঠিত চিনেমা প্ৰদৰ্শনী ৮২ সংখ্যক ভেনিচ চলচ্চিত্ৰ মহোৎসৱৰ সামৰণি পৰে। শনিবাৰে বঁটা প্ৰদান অনুষ্ঠানৰ জৰিয়তে বিশ্বৰ চলচ্চিত্ৰ নিৰ্মাণৰ শ্ৰেষ্ঠসকলক উদযাপন কৰা হয়। এইবাৰ ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা অনুপৰ্ণা ৰয়ে তেওঁৰ প্ৰথম ছবি ‘ছংছ অৱ ফৰ্গটেন ট্ৰিজৰ বাবে অৰিজন্টি শাখাত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰি ইতিহাস ৰচনা কৰে। অনুপৰ্ণা ভাৰতীয় চিনেমালৈ আন্তঃৰাষ্ট্ৰীয় দৃষ্টি আকৰ্ষণ কৰি এই শিতানত এই সন্মান লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় পৰিচালক।

এই বছৰ অৰিজন্টি শাখাত একমাত্ৰ ভাৰতীয় প্ৰৱেশ ‘ছংছ অৱ ফৰ্গটেন ট্ৰিজত নাজ শ্বেইখ আৰু চুমি বাঘেলে অভিনয় কৰিছে আৰু মুম্বাইৰ দুগৰাকী মহিলাৰ আন্তঃসংলগ্ন জীৱনৰ সন্ধান কৰিছে। বিভাংশু ৰায়, ৰোমিল মোডী, আৰু ৰঞ্জন সিঙে প্ৰযোজনা কৰা ছবিখনে কাহিনীৰ কথকতা আৰু ৰয়ৰ নিখুত পৰিচালনাৰ বাবে ব্যাপক প্ৰশংসা লাভ কৰে।

অনুপৰ্ণা ৰয়ে বিশ্বজুৰি মহিলাসকলৰ বাবে এই বঁটাটো উৎসৰ্গা কৰি কয়, “এই ছবিখন হৈছে প্ৰতিগৰাকী মহিলাৰ প্ৰতি উৎসৰ্গিত, যিসকলক কেতিয়াবা নিস্তব্ধ কৰা, উপেক্ষা কৰা, বা তুচ্ছজ্ঞান কৰা হৈছে।’