শিশুৰ সৃষ্টিশীলতাক বিকশাই তোলাৰ লক্ষ্যৰে এন ই এবেকাছৰ জাগীৰোড কেন্দ্ৰ মুকলি

গণিতক সহজসাধ্য কৰাৰ লগতে শিশুৰ সৃষ্টিশীলতাক বিকশাই তোলা এক কৌশল হৈছে এবেকাছ। বিগত এটা দশক ধৰি এন ই এবেকাছে মফচলীয় চহৰৰ লগতে বিভিন্ন স্থানত কেন্দ্ৰ স্থাপন কৰি আহিছে।
শেহতীয়াকৈ জাগীৰোডতো স্থাপন কৰা হৈছে এন ই এবেকাছৰ এটা কেন্দ্ৰ। মঙলবাৰে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুকলি কৰা হয় এই কেন্দ্ৰটো।
এন ই এবেকাছৰ সঞ্চালিকা তুলসী প্ৰিয়া বৰদলৈয়ে বন্তি প্ৰজ্বলন কৰি আৰম্ভ কৰা এই অনুষ্ঠানতে কেন্দ্ৰটো মুকলি কৰে মৰিগাঁও জিলা প্ৰাথমিক শিক্ষা বিষয়া কমল জ্যোতি গগৈয়ে।
উল্লেখযোগ্য যে, জাগীৰোড শাখা সাহিত্য সভাৰ সভাপতি হৰমোহন কলিতা, বচপন একাডেমীৰ স্বত্বাধিকাৰী সঞ্জয় আগৰৱালা, অধ্যক্ষ অনিন্দিতা বৰুৱা, প্ৰৱন্ধকাৰ দিগন্ত বৰদলৈ প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি, শিক্ষক, অভিভাৱকৰ উপস্থিতিত অনুষ্ঠিত এই অনুষ্ঠানত এবেকাছৰ লক্ষ্য উদ্দেশ্য সন্দৰ্ভত বক্তব্য প্ৰদান কৰে এবেকাছৰ সঞ্চালিকা তুলসী প্ৰিয়া বৰদলৈয়ে।
আনহাতে কবি ৰাজীৱ চহৰীয়াই আঁত ধৰা এই অনুষ্ঠানতে জ্যোতি সংগীত পৰিৱেশন কৰি অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে শিক্ষয়িত্ৰী চন্দামিতা গোস্বামীয়ে।
ইতিমধ্যে ১৮ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ইতিমধ্যে নামভৰ্তি কৰা এই কেন্দ্ৰটোয়ে শৈক্ষিক ক্ষেত্ৰত এক উল্লেখনীয় অৱদান আগবঢ়াব বুলি আশা প্ৰকাশ কৰে কেন্দ্ৰ পৰিচালিকাদ্বয় কাশ্মীৰি দেৱী আৰু মনিকা ডেকাৰ লগতে উপস্থিত ব্যক্তিসকলে।