NORTHEAST NOW (Assamese)
অসম

এনিমিয়া-প্ৰৱণ গুৱাহাটীৰ ২০ শতাংশ সাংবাদিক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 22, 2019 5:39 pm
Nearly 20% Guwahati scribes have low hemoglobin

অতি ক্ষুদ্ৰ চাম্পল চাৰ্ভে’ৰূপে গণ্য কৰিব পৰা এটা স্বাস্থ্য পৰীক্ষাত গুৱাহাটীৰ পাঁচজনৰ ভিতৰত এজন সাংবাদিক এনিমিয়া-প্ৰৱণ বুলি চিনাক্ত হৈছে।

শাৰীৰিক প্ৰয়োজনতকৈ দেহত ৰঙা ৰক্ত কণা বা সিহঁতৰ অক্সিজেন পৰিবাহী ক্ষমতা কম থকা অৱস্থাক বিশ্ব স্বাস্থ্য সংস্থাৰ সংজ্ঞাত এনিমিয়া বোলা হয়।

যোৱা শনিবাৰে গুৱাহাটী প্ৰে’ছ ক্লাবত ডাউন টাউন হস্পিতেল আয়োজিত স্বাস্থ্য পৰীক্ষা শিবিৰত ভাগ লোৱা ৪০ৰ ভিতৰত ৮গৰাকী সাংবাদিকৰ তেজত হিম’গ্ল’বিনৰ পৰিমাণ স্বাভাৱিক মানতকৈ কম পোৱা গৈছে।

খুব প্ৰাৰম্ভিক/ প্ৰাথমিক পৰীক্ষা হিচাপে তেজৰ হিমাত’ক্ৰিত আৰু হিম’গ্ল’বিনৰ পৰিমাণ মাপ কৰি কোনো ব্যক্তিৰ এনিমিয়া-প্ৰৱণতাৰ উমান ল’ব পাৰি।

প্ৰাপ্তবয়স্ক পুৰুষ আৰু মহিলাৰ দেহত ক্ৰমে ১৪-১৮ আৰু ১২-১৬ গ্ৰাম/ দেচিলিতাৰ পৰিমাণৰ হিম’গ্ল’বিনক স্বাভাৱিকৰূপে ধৰা হয়। কিন্তু লিংগ, জীন/ জাতি, জীৱনশৈলীগত ভেদ (যেনে, ধূমপানৰ প্ৰভাৱ), একে লিংগৰে ভিতৰত আকৌ পৃথক অৱস্থা (যেনে— মহিলাৰ ভিতৰতে গৰ্ভাৱস্থা আৰু মাহেকীয়া ঋতুশ্ৰাবৰ সময়) ওপৰত নিৰ্ভৰ কৰি হিম’গ্ল’বিনৰ তাৰতম্য ঘটিব পাৰে।

ভাৰতীয়বোৰ সাধাৰণতে এনিমিক আৰু ভাৰতীয় হিচাপত পুৰুষ-মহিলা উভয়ৰে ক্ষেত্ৰত হিম’গ্ল’বিনৰ পৰিমাণ ১০গ্ৰাম/ দেচিলিতাৰতকৈ কম হ’লে তেওঁক এনিমিয়া (ৰক্তহীনতা)ত ভোগাৰ সম্ভাৱনা থকা বুলি গণ্য কৰা হয়।

সীমিত পৰিসৰ আৰু উৎসৰ্গিত গৱেষণা নোহোৱাৰ ফলত শিবিৰটোৰ ফলাফলক সিদ্ধান্তদায়ী (conclusive) বুলি গণ্য কৰিব নোৱাৰিলেও ফলাফলটো গুৱাহাটীৰ সাংবাদিক স্বাস্থ্যৰ প্ৰতি নিশ্চয় উদ্বেগজনক।

প্ৰতি সপ্তাহত প্ৰে’ছ ক্লাবটোৱে আয়োজন কৰা মিদিয়া ক্লিনিকৰ অংশৰূপে আয়োজিত শিবিৰটোত চিকিৎসালয়খনৰ হৈ সেৱা আগবঢ়ায় ডাঃ ঋষিকেশ বৰা, ডাঃ গৌৰৱ কেদিয়া আৰু ডাঃ ৰোহিনী কুমাৰীয়ে।

বিনামূলীয়া শিবিৰটোত সাংবাদিকসকলে তেজৰ গ্ৰুপ, চুগাৰ আৰু ৰক্তচাপ পৰীক্ষাৰো সুবিধা লাভ কৰে।