NORTHEAST NOW (Assamese)

নেপালত ভয়ানক বান পৰিস্থিতি : প্ৰায় ২০০জনৰ মৃত্যু, ৩০ জনতকৈ অধিক নিৰুদ্দেশ

September 30, 2024 8:00 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: September 30, 2024 5:08 pm

চুবুৰীয়া দেশ নেপালত সৃষ্টি হৈছে ভয়াৱহ বান পৰিস্থিতিৰ। দেশখনৰ কেইবাঠাইতো হোৱা বানৰ ফলত প্ৰায় ২০০ জন লোকে প্ৰাণ হেৰুৱাইছে। কমেও ৩০ জন লোক এতিয়াও সন্ধানহীন হৈ আছে।

নেপাল সেনাৰ সূত্ৰ অনুসৰি বৰ্তমানলৈকে কম-বেছি পৰিমাণে ৪ হাজাৰ লোক বানত আক্ৰান্ত হৈছে। মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।

যোৱা শুকুৰবাৰৰ পৰা সমগ্ৰ নেপালত অবিৰতভাৱে বৰষুণ দি আহিছে। যাৰ ফলতেই এই বান পৰিস্থিতিৰ সৃষ্টি হৈছে। বানৰ ফলত বিভিন্ন স্থানত ভূমিস্খলন সংঘটিত হৈছে।

শেহতীয়া খবৰ অনুসৰি এতিয়ালৈকে বানপানীৰ বাবে ১৯২ জন লোকে প্ৰাণ হেৰুৱাইছে। কমেও ৩০ জন লোক সন্ধানহীন হৈ আছে। সমগ্ৰ দেশতে আহত হৈছে ৯৪ জন লোক। প্ৰায় ৪৫০০ লোক বানত ক্ষতিগ্ৰস্ত হৈছে বুলি জানিবলৈ দিছে নেপাল সেনাৰ সূত্ৰই।

Related News