NORTHEAST NOW (Assamese)
Popular Stories

ক’ৰ’নাতংক; প্ৰব্ৰজিত শ্ৰমিকৰ বাবে প্ৰায় ৩৮,০০০ টা সাহায্য শিবিৰ স্থাপন কৰিছে কেন্দ্ৰই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 27, 2020 2:41 pm
PTI14-04-2020_000212B_1586874490610_1586874508855

ক’ৰ’না প্ৰতিৰোধৰ বাবে দেশজুৰি অব্যাহত থকা ল’কডাউনৰ সময়ত প্ৰব্ৰজিত শ্ৰমিকৰ বাবে কেন্দ্ৰ চৰকাৰে প্ৰায় ৩৮,০০০ টা সাহায্য শিবিৰ স্থাপন কৰিছে।

উচ্চতম ন্যায়ালয়ত দাখিল কৰা এক শপতনামাত এই তথ্য উল্লেখ কৰিছে কেন্দ্ৰীয় গৃহ সচিব অজয় কুমাৰ ভাল্লাই।

কেন্দ্ৰীয় গৃহ সচিব ভাল্লাই শপতনামাত উল্লেখ কৰিছে যে কেন্দ্ৰীয় চৰকাৰে বিভিন্ন ৰাজ্যৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চলত এ জি অ’ৰ সৈতে লগ লাগি ১৪.৩ লাখ প্ৰব্ৰজিত শ্ৰমিকৰ বাবে ৩৭,৯৭৮ টা সাহায্য শিবিৰ স্থাপন কৰিছে।

কেন্দ্ৰীয় গৃহ সচিব ভাল্লাই শপনামাত লগতে উল্লেখ কৰিছে যে, ১.৩৪ কোটি লোকৰ বাবে ২৬,২২৫ টা খাদ্য শিবিৰ স্থাপন কৰাৰ লগতে ল’কডাউনকালীন অৱস্থাত প্ৰায় ১৬.৫ লাখ প্ৰব্ৰজিত শ্ৰমিকক আশ্ৰয় শিবিৰ প্ৰদান কৰা হৈছে।

তেওঁ লগতে উচ্চতাম ন্যায়ালয়ক আশ্বাস প্ৰদান কৰে যে ল’কডাউনকালীন সময়ছোৱাত প্ৰব্ৰজিত শ্ৰমিকৰ লগতে শ্ব’পিং ম’ল আৰু উদ্যোগ প্ৰতিষ্ঠানসমূহত কৰ্মৰত কৰ্মচাৰীসকলে যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে দুৰ্যোগ ব্যৱস্থপনা আইন ২০০৫ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

ভাড়াঘৰৰ মালিকে ঘৰভাড়া খুজি শ্ৰমিক তথা কৰ্মচাৰীসকলক যাতে হাৰাশাস্তি কৰিব নোৱাৰে তাৰ বাবে ব্যৱস্থা ল’বলৈ জিলা উপায়ুক্তসকলক কোৱা হৈছে বুলিও শপতনামাত গৃহ সচিব ভাল্লাই উল্লেখ কৰিছে।

এই ক্ষেত্ৰত যদি কোনো ভাড়াঘৰৰ মালিকে এই নিৰ্দেশনা অমান্য কৰে তেনে মালিকৰ বিপক্ষে দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। গৃহ সচিব ভাল্লাই শপতনামাত এই কথাওঋ উল্লেখ কৰিছে।