NORTHEAST NOW (Assamese)
অসম

ৱেবছাইটত মুকলি হ’ল NEET 2020 ৰ এডমিট কাৰ্ড, কেনেকৈ ডাউনলোড কৰিব এডমিট?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 26, 2020 4:13 pm
921253-neet-exams-1

দেশৰ বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদৰ মাজতো আজি নেচনেল টেষ্টিং এজেন্সীয়ে ইয়াৰ ৱেবছাইটত মুকলি কৰে NEET 2020 এডমিট কাৰ্ড।

চলিত বৰ্ষৰ ১৩ ছেপ্তেম্বৰৰ দিনৰ ২ বজাৰ পৰা ৫ বজালৈ অনুষ্ঠিত হ’বলগীয়া NEET 2020 ৰ এডমিট কাৰ্ড NTA ৰ ৱেবছাইটত এতিয়া উপলদ্ধ হৈছে।

ছাত্ৰ-ছাত্ৰী সকলে ইয়াত উল্লেখ কৰা প্ৰক্ৰিয়াৰ মাজেৰে NEET 2020 ৰ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব।

  • NTA NEET ৰ ৱেবছাইট https://ntaneet.nic.in/ntaneet/welcome.aspx লৈ যাওঁক।
  • ক্লিক কৰক “NEET admit card 2020” ত।
  • আবেদনৰ নম্বৰ,জন্মৰ তাৰিখ,ছিকিউৰিটি পিন অন্তৰ্ভূক্ত কৰক।
  • “Submit” বুটামত ক্লিক কৰক।
  • স্ক্ৰীণত দেখিবলৈ পোৱা যাব NEET 2020ৰ এডমিট কাৰ্ড।
  • এডমিট কাৰ্ডৰ তথ্য সমূহ মিলাই চাওঁক।
  • সকলো থিকে থাকিলে এডমিট কাৰ্ডখন ডাউনলোড কৰক।

এই বছৰ NEET ৰ বাবে আবেদন জনাইছে ১৫.৯৭ লাখ শিক্ষাৰ্থীয়ে।

তেওঁলেোকৰ ভিতৰৰে ৯৯ শতাংশ শিক্ষাৰ্থীয়েই তেওঁলোকৰ মনে বিচৰা পৰীক্ষা কেন্দ্ৰ পাব বুলি নেচনেল টেষ্টিং এজেন্সীৰ সূত্ৰই প্ৰকাশ কৰিছে।

সূত্ৰটোৰ মতে পূৰ্বৰ ২৫৪৬ টা পৰীক্ষা কেন্দ্ৰ ঠাইত এতিয়া পৰীক্ষা কেন্দ্ৰ সংখ্যা ৩৮৪৩ টালৈ বৃদ্ধি কৰা হৈছে।

শিক্ষাৰ্থী সকলে যাতে সামাজিক দূৰত্ব বজাই ৰাখি পৰীক্ষা দিব পাৰে তাৰ বাবেই পৰীক্ষা কেন্দ্ৰ সংখ্যা বৃদ্ধি কৰা হৈছে।