NORTHEAST NOW (Assamese)
Popular Stories

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 30, 2026 7:56 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

NEET-ক লৈ বিতৰ্ক শেষ হোৱা নাই। NEET সন্দৰ্ভত আন এক নতুন গোচৰ ৰুজু হৈছে। প্ৰশ্ন ফাদিল হোৱাৰ পিছত এইবাৰ NEET-ৰ ফলাফলতো ডাঙৰ কেলেংকাৰী! ২৪ ঘণ্টাত ৩ বাৰ স্ক’ৰ সলনি হ’ল। পৰীক্ষাৰ্থীৰ ভয়ংকৰ অভিযোগ। এই ঘটনা সন্দৰ্ভত ইতিমধ্যে পৰীক্ষাৰ্থীয়ে আদালতৰ কাষ চাপিছে। এন টি এৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। শুকুৰবাৰে হ’ব এই গোচৰৰ শুনানি।

অভিযোগ অনুসৰি ২৪ ঘণ্টাৰ ভিতৰতে এন টি এ পৰ্টেলত প্ৰাৰ্থীগৰাকীৰ নম্বৰ প্ৰথমে ৬৫০, তাৰ পিছত ৫০০ আৰু শেষত ১৩৫ কৰা হৈছে। এই ঘটনাত NEET UG 2026 ৰ পৰীক্ষাৰ্থীয়ে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ মূল্যায়ন প্ৰক্ৰিয়াত গুৰুতৰ অনিয়মৰ অভিযোগ উত্থাপন কৰি দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে। অফিচিয়েল ৰিজাল্ট পৰ্টেলত ২৪ ঘণ্টাত তিনিবাৰকৈ তেওঁৰ স্ক’ৰ সলনি হোৱাৰ অভিযোগ উত্থাপন কৰে। ৬৫০ৰ পৰা হ্ৰাস পাই অৱশেষত ১৩৫লৈ নামি বন্ধ হৈ গৈছে।

আনকি পৰীক্ষাৰ্থীগৰাকীয়ে এন টি এ পৰ্টেলত আপলোড কৰা অ’ এম আৰ উত্তৰবহীখন পৰীক্ষাৰ দিনা জমা দিয়া মূল উত্তৰবহী নহয় বুলি দাবী কৰে। এফালে NEET প্ৰশ্ন ফাদিলক লৈ ছাত্ৰ-ছাত্ৰীৰ ধাৰাবাহিক প্ৰতিবাদে যেতিয়া দেশজুৰি আলোড়ন সৃষ্টি কৰিছিল আৰু ধৰ্মেন্দ্ৰ প্ৰধানে শিক্ষামন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য হৈছে, তেতিয়াই এই স্ক’ৰ কেলেংকাৰীয়ে চৰ্চালৈ আহিছে! ফলত পুনৰ অস্বস্তিত পৰিছে এন টি এ।

প্ৰাৰ্থীগৰাকীয়ে তেওঁৰ মূল অ’এমআৰ শ্বীট আৰু পৰীক্ষাৰ নথি-পত্ৰ আদালতত দাখিল আৰু সংৰক্ষণ কৰিবলৈ নিৰ্দেশ দিয়াৰ দাবী জনাইছে। আৱেদনখনৰ মতে, ২১ জুনত পুনৰ আয়োজিত NEET UG 2026 পৰীক্ষাত অৱতীৰ্ণ হৈছিল পৰীক্ষাৰ্থীগৰাকী। প্ৰাথমিক আৰু চূড়ান্ত এনন্সাৰ-কীৰ সৈতে তেওঁৰ উত্তৰ মিলাই তেওঁ হিচাপ কৰি দেখিছিল যে তেওঁ প্ৰায় ৬২০ নম্বৰ লাভ কৰিব লাগে। তাৰ পিছত ১৬ জুলাইত ফলাফল ঘোষণা কৰাৰ সময়ত এন টি এ পৰ্টেলে প্ৰথমে তেওঁৰ স্ক’ৰ ৬৫০ বুলি দেখুৱাইছিল।

তাৰ পিছত পৰ্টেলৰ পৰা লগ আউট কৰাৰ পিছত যেতিয়া প্ৰাৰ্থীজনে পুনৰ লগ ইন কৰিলে, তেতিয়া তেওঁৰ স্ক’ৰ সলনি হৈ ৫০০ হ’ল। পিছদিনালৈকে সেই সংখ্যা আৰু হ্ৰাস পাই ১৩৫ লৈ গ’ল। এই সংখ্যাৰ সঘনাই পৰিৱৰ্তনে প্ৰাৰ্থীজনৰ ৰেংকিঙৰ ক্ষেত্ৰতো চৰম বিভ্ৰান্তিৰ সৃষ্টি কৰিছে।