NORTHEAST NOW (Assamese)
অসম

UPSC ত উজলিল GIMT গুৱাহাটীৰ প্ৰাক্তন ছাত্ৰী নেহা বৰা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 7, 2022 2:08 pm
GIMT

সদ্য ঘোষিত UPSC ৰ মূল পৰীক্ষাত উত্তীৰ্ণ হৈ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে তেজপুৰৰ জীয়ৰী নেহা বৰাই।

যোৱা ৪ জানুৱাৰীত ঘোষিত UPSC ৰ CAPF পৰীক্ষাত ৫২ সংখ্যক স্থান লাভ কৰিছে। উল্লেখ্য যে মেধাৱী নেহাই ইয়াৰ পূৰ্বেও UPSC পৰীক্ষাত উত্তীৰ্ণ হৈছিল যদিও ওজন বেছি হোৱাৰ বাবে স্বাস্থ্য পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ সক্ষম হোৱা নাছিল।

কিন্তু এইবাৰ নিজৰ ওজন হ্ৰাস কৰি সকলো স্তৰৰ পৰীক্ষাৰ বাবে যোগ্যতা অৰ্জন কৰিছে নেহাই। এজন আইপিএছ বিষয়া হ’ব বিচৰা নেহাৰ পিতৃ টপেশ্বৰ বৰা আৰু মাতৃ মিনা দাস বৰা দেশৰ অৰ্ধসামৰিক বাহিনীৰ কৰ্মচাৰী। তেওঁৰ মাতৃ মিনা দাসে বৰ্তমান চিআৰপিএফৰ ডেপুটি কমাণ্ডেণ্ট হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

উল্লেখ্য যে নেহা বৰা গুৱাহাটীৰ গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেন্ট এণ্ড টেকন’ল’জী (GIMT, Guwahati)ৰ প্ৰাক্তন ছাত্ৰী। ২০০৮ বৰ্ষৰ পৰা ২০১২ বৰ্ষলৈ তেওঁ শিক্ষা প্ৰতিষ্ঠানটিত অধ্যয়ন কৰিছিল।

নিজৰ এই সফলতাৰ বাবে পিতৃ-মাতৃক সম্পূৰ্ণ কৃতিত্ব দি নেহাই কয় যে “আজি মই যি স্থানত উপনীত হৈছো, সেইয়া কেৱল মোৰ পিতৃ-মাতৃৰ বাবে সম্ভৱ হৈছে। প্ৰতিটো সময়তে তেওঁলোকে মোক সহায় কৰি আহিছে।”