NORTHEAST NOW (Assamese)
অসম

ম্যাদ উকলি যোৱা মছলাৰে পেইণ্টিং অংকন কৰি গ্ৰীনজ বুক ৱৰ্ল্ড ৰেংকৰ্ড এইগৰাকী ছাত্ৰীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 21, 2020 6:52 pm
ম্যাদ উকলি যোৱা মছলাৰে পেইণ্টিং অংকন কৰি গ্ৰীনজ বুক ৱৰ্ল্ড ৰেংকৰ্ড এইগৰাকী ছাত্ৰীৰ

মছলাৰে সৰ্ববৃহৎ পেইন্টিং অংকন কৰি গ্ৰীনিজ বুক ৱৰ্ল্ড ৰেকৰ্ডত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হ’ল বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ এগাৰকী ছাত্ৰীয়ে।

বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ নেহা সিং নামৰ ছাত্ৰী গৰাকীয়ে ব্যাৱহাৰৰ ম্যাদ উকলি যোৱা মছলাৰে পেইণ্টিং অংকন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সমৰ্থ হোৱাৰ লগতে গ্ৰীনিজ বুক ৱৰ্ল্ড ৰেকৰ্ডতো নিজৰ নাম অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হয়।

‘‘সৰ্ববৃহৎ মছলাৰে নিৰ্মিত পেইণ্টিং ৬২.৭২ বৰ্গ মিটাৰ। নেহাই ম্যাদ উকলি যোৱা খাদ্য সামগ্ৰীৰে বিশেষ প্ৰতিভাৰ পৰিচয় দিলে,’’ গ্ৰীনিজ বুক ৱৰ্ল্ড ৰেকৰ্ডত এইদৰে উল্লেখ কৰা হয়।

আনহাতে, নেহা সিঙে প্ৰস্তুত কৰি উলিওৱা মছলাৰ পেইণ্টিংখন চোৱাৰ বাবে নেহাৰ বিশ্ববিদ্যালয়ৰ বন্ধু-বান্ধৱৰ লগতে শিক্ষক সকলো উপস্থিত থাকে।

‘‘নেহাৰ এই সাফল্যই ব্যক্তিগতভাৱে নেহাৰ প্ৰতিভাৰ বিকাশত সহায় কৰিলেও বেনাৰস হিন্দু বিশ্ববিদ্যালয়লৈয়ো সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হ’ল,’’ নেহাৰ এগৰাকী বন্ধুৱে এইদৰে কয়।