NORTHEAST NOW (Assamese)
অসম

নেহা শৰ্মা নে যমুনা থাপা? ইজৰায়েলত দেহৰ সকলো অংগ উলিয়াই নিছে মৃত যুৱতীৰ

Posted by: ছাজিদ খান, এন ই নাও নিউজ December 1, 2018 7:18 pm
assam nepal neha jamuna sharma thapa dies in israel copy

ইজৰায়েলত মৃত্যু হোৱা, অসমৰ মেৰাবাৰীৰ ঠিকনাৰে ভাৰতীয় পাৰপত্ৰবাহী যুৱতীগৰাকী আচলতে নেহা শৰ্মা নে যমুনা থাপা? ঘৰ তেওঁৰ অসম নে নেপাল? দেশখনত “সহায়িকা”ৰূপে কৰ্মৰত যুৱতীগৰাকীৰ মৃত্যুৱে সৃষ্টি কৰিছে ব্যাপক ৰহস্যৰ।

ওদালগুৰি জিলাৰ মেৰাবিলত নেহা শৰ্মাৰ পৰিয়ালৰ কোনো অস্তিত্ব নথকাৰ বিপৰীতে তেওঁৰ দেউতাক এতিয়াও জীৱিত আছে নেপালত। নাম পুষ্কৰ ৰাজ– “শৰ্মা” নহয়, “থাপা”! কিন্তু এই কথাটো আছে সন্দেহৰ অৱকাশ।

ইজৰায়েলৰ ঔদ্যোগিক চহৰ আশ্বদদত থকা যুৱতীগৰাকীৰ দেহৰ “সকলো” অংগ ইতিমধ্যে উলিয়াই নিছে চিকিৎসালয়ে। ইয়াৰ অনুমতি প্ৰদান কৰিছে পিতৃয়ে (“পিতৃৰ” আপত্তিহীনতাৰ প্ৰমাণ পত্ৰত আকৌ সন্দেহ প্ৰকাশ কৰিছে দিল্লী আৰক্ষীৰ মহা পৰিদৰ্শক ৰবিন হিবুৱে। বাতৰিটো শেষলৈকে পঢ়ক)।

নেপালৰ বিৰাট নগৰৰ বাসিন্দা নেহা ওৰফে যমুনা (শেহতীয়া খবৰ মতে আচল নাম যমুনা থাপা)ৰ মৃত্যুৰ লগে লগে পিতৃ পুষ্কৰ থাপাৰ পত্ৰখনৰ আবিৰ্ভাৱেও সৃষ্টি কৰিছে ৰহস্যৰ। চহৰখনৰ আচুতা আশ্বদদ মেদিকেল চেন্টাৰ নামৰ চিকিৎসালয়খনক যুৱতীগৰাকীৰ বন্ধু মদন কুমাৰ শিৱকটিৰ যোগেদি এই কৰ্তৃত্ব প্ৰদান কৰিছে পিতৃ থাপাই। এই খবৰ নেপালৰ নিউজ প’ৰ্টেল a1nepal.comৰ।

দিল্লী আৰক্ষীৰ মহা পৰিদৰ্শক ৰবিন হিবুৰ তথ্যৰ ভিত্তিত নৰ্থ ইষ্ট নাও-এ প্ৰথম পৰিৱেশন কৰা বাতৰিটোৰ পিছতে চৰজমিন তদন্ত চলাই মেৰাবিলত নেহা শৰ্মাৰ পৰিয়াল নথকাটো নিশ্চিত কৰিছে ওদালগুৰি আৰক্ষীয়েও।

‘‘নেহা শৰ্মা নামৰ কোনো যুৱতী মেৰাবিলত নাছিল আৰু তেওঁৰ পৰিয়ালৰ কোনো লোকৰ সন্ধান ইয়াত পোৱা হোৱা নাই,” নৰ্থ ইষ্ট নাও-ক জনালে ওদালগুৰিৰ আৰক্ষী অধীক্ষক ৰাজবীৰ সিঙে।

লগতে পঢ়ক– ইজৰায়েলত মৃত্যু অসমৰ যুৱতীৰ, অভিভাৱকৰ সন্ধান বিচাৰিছে দিল্লী আৰক্ষীয়ে

মাজবাট আৰক্ষীয়ে মেৰাবিলৰ স্থানীয় গাওঁবুঢ়াক লগত লৈয়ো যুৱতীগৰাকীৰ পৰিয়ালৰ সন্ধান কৰিছিল। ইতিমধ্যে সোধপোচ কৰিছে স্থানীয় মাজবাট স্বাস্থ্য কেন্দ্ৰৰ কৰ্মচাৰীকো। কাৰণ এই স্বাস্থ্যকেন্দ্ৰৰ জন্ম প্ৰমাণ পত্ৰৰেই ভাৰতীয় পাৰপত্ৰ উলিয়াইছিল নেহাই।

১৯৮০ চনৰ ১৬ জুলাইত মেৰাবিলত নেহাৰ জন্ম হোৱা বুলি প্ৰমাণ পত্ৰ (নং ১৭৫১/১৩) দিছিল স্বাস্থ্য কেন্দ্ৰটোৱে।

neha assam nepali girl dies in israel
’নেহাৰ দেউতাকে’ দিয়া অংগদানত আপত্তিহীনতাৰ প্ৰমাণ পত্ৰৰ প্ৰতিলিপি।

আনহাতে সহায়িকাৰ কামৰ “আপত্তিহীনতাৰ প্ৰমাণ পত্ৰ”ৰ অনুমতি উলিয়াবলৈ উত্তৰ প্ৰদেশৰ নইদাত এখন শপতনামা দাখিল কৰিছিল নেহাই। সূত্ৰ অনুসৰি অনুমোদিত সীমাতকৈ অতিৰিক্ত সময় বাস কৰাৰ বাবে ইজৰায়েলত কাৰাগাৰলৈয়ো যাব লগা হৈছিল যুৱতীগৰাকী।

কিন্তু মৃত্যু আৰু অংগদানৰ এই সমগ্ৰ “অধ্যায়”টোতে সন্দেহ প্ৰকাশ কৰি আৰক্ষী বিষয়া হিবুৱে বিষয়টোত হস্তক্ষেপৰ বাবে ভাৰতৰ বিদেশ পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ শীৰ্ষ বিষয়াৰ লগত যোগাযোগ কৰা বুলি জনাইছে নৰ্থ ইষ্ট নাও-ক।

“শেহতীয়া খবৰ অনুসৰি তথাকথিত দেউতাকৰ আপত্তিহীনতাৰ প্ৰমাণ পত্ৰৰ আধাৰত তাইৰ সকলো অংগ চিকিৎসালয়খনত ইতিমধ্যে উলিয়াই লোৱা হৈছে। প্ৰমাণ পত্ৰখনৰ সত্যতা সন্দৰ্ভত মোৰ সন্দেহ আছে। পত্ৰখন ভুৱা যেন লাগিছে,” নৰ্থ ইষ্ট নাও-ক জনাই আৰক্ষী বিষয়াজনে।

যুৱতীগৰাকীৰ মৃত্যুৰ দিনাই অংগদানৰ অনুমতি প্ৰদানকাৰী দেউতাকৰ পত্ৰখনো হাজিৰ হোৱাটোৱেও ৰহস্যৰ সৃষ্টি কৰিছে।

সমগ্ৰ “অধ্যায়টোত” “মানৱ সৰবৰাহ”ৰ চক্ৰ জৰিত থকাৰো সন্দেহ প্ৰকাশ কৰিছে দিল্লী আৰক্ষীৰ শীৰ্ষ বিষয়াজনে। এই সন্দৰ্ভত ইজৰায়েলত আৰক্ষীক এটা গোচৰ দিবলৈ হেল্পিং হেন্দ নামৰ বেচৰকাৰী সংস্থাটোক ব্যক্তিগতভাৱে অনুৰোধ কৰিছে হিবুৱে।

“তেল আভিভত থকা ভাৰতীয় দূতাৱাসত অভিযোগ দাখিল কৰিবলৈয়ো (বেচৰকাৰী সংস্থাটোৰ) স্বেচ্ছাসেৱকসকলক মই অনুৰোধ কৰিছো,” জনালে হিবুৱে।

এটা কথা নিশ্চিত হৈছে নেহাৰ মৃত্যুৰ তদন্তই উন্মোচিত কৰিব পাৰে নীৰৱ ঘাতকৰ ভয়ংকৰ কাহিনী।

দ্বিতীয়তে, অসমবাসীৰ এন আৰ চি-কেন্দ্ৰিক উদ্বিগ্নতাৰ মাজতে ভুৱা ঠিকনাৰে ভাৰতীয় পাৰপত্ৰপৰ্য্যন্ত উলিয়াই বিদেশত কৰ্মৰত হৈ থকাতো?