NORTHEAST NOW (Assamese)

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am · এন ই নাও নিউজ, গুৱাহাটী

ভাৰতীয় মুদ্ৰাৰ ব্যৱহাৰ সন্দৰ্ভত নেপাল চৰকাৰে পূৰ্বৰ কঠোৰ নীতি শিথিল কৰিছে। নেপালৰ কেন্দ্ৰীয় বেংক নেপাল ৰাষ্ট্ৰ বেংকৰ সূত্ৰই প্ৰকাশ কৰা নতুন নিৰ্দেশনা অনুসৰি, এতিয়াৰে পৰা ভাৰতীয় নাগৰিকসকলে নেপাললৈ সৰ্বাধিক ২৫ হাজাৰ ভাৰতীয় টকা লগত কঢ়িয়াই নিব পাৰিব। এই ধনৰাশি ২০০ আৰু ৫০০ টকীয়া নোটৰ ৰূপতো নিব পৰা যাব, যিটো পূৰ্বে দেশখনত নিষিদ্ধ আছিল। এই সিদ্ধান্তৰ ফলত ভাৰতীয় পৰ্যটকসকলৰ নেপাল ভ্ৰমণ অধিক সুচল হোৱাৰ লগতে দীৰ্ঘদিন ধৰি টকা ভঙাবলৈ সন্মুখীন হোৱা সমস্যাৰ অন্ত পৰিব।

 

পূৰ্বৰ নিয়ম অনুসৰি নেপালত কেৱল ১০০ টকা বা তাতকৈ কম মূল্যৰ ভাৰতীয় নোটহে বৈধ আছিল। ২০১৮ চনৰ পৰাই নেপাল চৰকাৰে ভাৰতীয় মুদ্ৰাৰ ২০০ আৰু ৫০০ টকীয়া নোটৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰিছিল। ইয়াৰ ফলত ভাৰতীয় পৰ্যটকসকলে নেপাললৈ যাওঁতে ১০০ টকীয়া নোটৰ বৃহৎ পৰিমাণৰ বাণ্ডিল কঢ়িয়াব লগা হৈছিল। বৰ্তমানৰ বজাৰ মূল্য অনুসৰি ১ ভাৰতীয় টকাৰ বিপৰীতে নেপালী মুদ্ৰাৰ মূল্য হৈছে ১.৬০ ৰুপী। নতুন নিয়ম কাৰ্যকৰী হোৱাৰ লগে লগে পৰ্যটকসকলৰ বাবে পূৰ্বৰ এই অসুবিধা দূৰ হ’ব।

 

সংবাদ সংস্থাৰ তথ্য অনুসৰি, এই শিথিলতাৰ সুবিধা ভাৰত আৰু নেপাল দুয়োখন দেশৰ নাগৰিকৰ বাবেই প্ৰযোজ্য হ’ব। অৱশ্যে এই লেনদেনৰ ক্ষেত্ৰত এক চৰ্ত আৰোপ কৰা হৈছে। ২০১৬ চনৰ ৯ নৱেম্বৰৰ পিছত প্ৰৱৰ্তন কৰা ভাৰতীয় নোটসমূহহে দুয়োখন দেশৰ মাজৰ লেনদেনত বৈধ বুলি গণ্য কৰা হ’ব। ২০১৬ চনৰ ৮ নৱেম্বৰত ভাৰত চৰকাৰে বাতিল কৰা পুৰণি ৫০০ আৰু ১০০০ টকীয়া নোটসমূহ কোনো কাৰণতে গ্ৰহণযোগ্য নহ’ব। একেদৰে ২০২৩ চনত বাতিল হোৱা ২০০০ টকীয়া নোটৰ ক্ষেত্ৰতো এই নিষেধাজ্ঞা বাহাল থাকিব।

 

এই নতুন নিয়ম সন্দৰ্ভত নেপাল ৰাষ্ট্ৰ বেংকৰ মুখপাত্ৰ গুৰুপ্ৰসাদ পাউডেলে স্পষ্ট কৰি দিয়ে যে নেপালী নাগৰিকসকলে কেৱল নেপালৰ পৰাহে ভাৰতীয় টকা লগত নিব পাৰিব আৰু অন্য কোনো দেশৰ পৰা ভাৰতীয় মুদ্ৰা গ্ৰহণ কৰিব নোৱাৰিব। মুখপাত্ৰগৰাকীয়ে সদৰি কৰা মতে, ভাৰতীয় মুদ্ৰা ব্যৱহাৰৰ নিয়ম শিথিল হোৱাৰ ফলত নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয় পৰ্যটকসকলৰ যথেষ্ট সুবিধা হোৱাৰ সমান্তৰালকৈ নেপালৰ ব্যৱসায়ীসকলো বিশেষভাৱে উপকৃত হ’ব।

 

ভাৰতীয় মুদ্ৰাৰ সমান্তৰালকৈ বৈদেশিক মুদ্ৰা কঢ়িয়াই অনাৰ ক্ষেত্ৰতো নেপালৰ কেন্দ্ৰীয় বেংকটোৱে নতুন নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনা অনুসৰি, নেপালৰ নিজা নাগৰিক অথবা দেশখনলৈ অহা যিকোনো বিদেশী পৰ্যটকে এতিয়াৰে পৰা সৰ্বাধিক ৫ হাজাৰ মাৰ্কিন ডলাৰ বা ইয়াৰ সমমূল্যৰ বৈদেশিক মুদ্ৰাহে লগত লৈ নেপালত প্ৰৱেশ কৰিব পাৰিব। বৰ্তমান এই নতুন নিয়মসমূহে দেশখনৰ পৰ্যটন খণ্ড আৰু বাণিজ্যিক লেনদেনক এক যোগাত্মক গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে।

Related News