NORTHEAST NOW (Assamese)

নেপালত নিষিদ্ধ ছাত্ৰ ৰাজনীতি, ক্ষমতালৈ অহাৰ পিছতে ঘোষণা বলেন্দ্ৰৰ; ভাৰতলৈ কি বাৰ্তা?

March 30, 2026 4:08 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 21, 2026 11:48 am

নেপালৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে বলেন্দ্ৰ শ্বাহে। শপত গ্ৰহণ কৰাৰ মাত্ৰ ৪৮ ঘণ্টাৰ ভিতৰতে তেওঁ চৰকাৰ আৰু প্ৰশাসনৰ বৃহৎ পৰিৱৰ্তনৰ ইংগিত দিয়ে। মুঠ ১০০ দফীয়া পৰিকল্পনা কথা ঘোষণা কৰিছে চৰকাৰে।

বলেন্দ্ৰৰ ঘোষণা অনুসৰি তেওঁৰ লক্ষ্য হৈছে চৰকাৰী প্ৰতিষ্ঠানসমূহৰ সংস্কাৰ আৰু দেশখন সঠিকভাৱে পৰিচালনা কৰা। ছাত্ৰ আন্দোলনক আহিলা হিচাপে ব্যৱহাৰ কৰি তেওঁ ক্ষমতালৈ আহিছিল। অথচ সেই ছাত্ৰ ৰাজনীতিও নিষিদ্ধ কৰিছে। সেই সিদ্ধান্তই ইতিমধ্যে বিতৰ্কৰ সৃষ্টি কৰিছে।

ক্ষমতালৈ অহাৰ পিছতে বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয় চৌহদৰ পৰা ৰাজনৈতিক ছাত্ৰ সংগঠনক অপসাৰণৰ নিৰ্দেশ দিছে বলেন্দ্ৰ শ্বাহে। তাৰ পৰিৱৰ্তে ৯০ দিনৰ ভিতৰত ‘ষ্টুডেন্টছ কাউন্সিল’ বা ‘ভয়েছ অফ ষ্টুডেন্টছ’ৰ দৰে অৰাজনৈতিক সংগঠন গঠনৰ কথা কোৱা হৈছে।

ছাত্ৰ সংগঠনৰ বাবেই দীৰ্ঘদিন ধৰি কেম্পাছত হিংসা আৰু লণ্ডভণ্ড চলি আহিছে বুলি দাবী কৰিছে চৰকাৰে। শৈক্ষিক পৰিৱেশো ধ্বংস হৈ পৰিছে। কিন্তু সমালোচকসকলে কয় যে এই সিদ্ধান্তই দেশৰ গণতান্ত্ৰিক আন্তঃগাঁথনিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিব পাৰে।

কেৱল ছাত্ৰ ৰাজনীতিয়েই নহয়, চৰকাৰী কৰ্মচাৰী আৰু শিক্ষকসকলকো ৰাজনৈতিক দলৰ সৈতে জড়িত হোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। চৰকাৰী কাৰ্যালয়ত থকা দলীয় ট্ৰেড ইউনিয়নো বিলুপ্ত কৰা হ’ব।

বলেন্দ্ৰ শ্বাহৰ সমৰ্থকসকলৰ মতে, ইয়াৰ দ্বাৰা প্ৰশাসনিক কাম-কাজত স্বচ্ছতা আৰু ক্ষিপ্ৰতা আহিব। কিন্তু ইয়াৰ ফলত শ্ৰমিকৰ অধিকাৰ ক্ষতিগ্ৰস্ত হ’ব পাৰে আৰু মতানৈক্যক গুৰুত্ব দিয়া নহ’ব বুলি বিৰোধীয়ে অভিযোগ উত্থাপন কৰিছে।

শিক্ষা ব্যৱস্থাতো কেইবাটাও সংস্কাৰ প্ৰৱৰ্তন কৰা হৈছে। স্নাতক পৰ্যায়ত নামভৰ্তিৰ বাবে নাগৰিকত্বৰ প্ৰয়োজনীয়তা আঁতৰোৱা হৈছে। পৰীক্ষাৰ ফলাফল প্ৰকাশৰ বাবে নিৰ্দিষ্ট সময়সীমা বাধ্যতামূলক কৰা হ’ব।

সংস্কাৰৰ সমান্তৰালকৈ নতুন চৰকাৰে ৰাজনৈতিক খণ্ডতো কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলীক গ্ৰেপ্তাৰ কৰিছে। একেটা গোচৰতে প্ৰাক্তন মন্ত্ৰী ৰমেশ লখোককো গ্ৰেপ্তাৰ কৰা হৈছে।

তদুপৰি বিধায়িকা ৰেখা শৰ্মাকো দীৰ্ঘদিন ধৰি নাবালিকা ঘৰুৱা কৰ্মীক নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে।

বলেন্দ্ৰ শ্বাহ চৰকাৰে জেন জি আন্দোলনত নিহত ২৭ গৰাকী ছাত্ৰ-ছাত্ৰীৰ পৰিয়ালৰ বাবে চৰকাৰী চাকৰিৰ কথা ঘোষণা কৰিছে। প্ৰথম কেবিনেট বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ফোনযোগে কথা পাতে বলেন্দ্ৰ শ্বাহে। ভাৰতৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ আগ্ৰহী বুলিও তেওঁ কয়।

কিন্তু ‘বৃহত্তৰ নেপাল’ বিষয়ত বলেন্দ্ৰ শ্বাহৰ কঠোৰ স্থিতি আৰু বিগত সময়ত ভাৰতৰ প্ৰভাৱৰ বাবে দিল্লীয়ে এতিয়াৰ বাবে পৰিস্থিতি নিৰীক্ষণ কৰি আছে বুলি ধাৰণা কৰা হৈছে।

মুঠতে নেপালৰ নতুন প্ৰধানমন্ত্ৰীয়ে দ্ৰুত আৰু কঠোৰ সিদ্ধান্তৰ জৰিয়তে নিজৰ স্থিতি স্পষ্ট কৰি দিছে। তেওঁৰ পদক্ষেপে যিদৰে পৰিৱৰ্তনৰ ইংগিত দিয়ে, তেনেকৈয়ে বিতৰ্কৰো সৃষ্টি কৰিছে।

Related News