NORTHEAST NOW (Assamese)
অসম

প্ৰথমবাৰৰ বাবে ভাৰত-নেপাল সীমান্তত সেনাবাহিনী নিয়োগ কৰাৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 19, 2020 3:48 pm

ভাৰতৰ সৈতে থকা সকলো ধৰণৰ দীৰ্ঘদিনীয়া দ্বিপাক্ষিক সুসম্পৰ্ক নিশেষ কৰাৰ বাবে উঠি পৰি লাগিছে চুবুৰীয়া দেশ নেপালে।

কিছুদিন পূৰ্বে নেপাল চৰকাৰে ভাৰতৰ ভূখণ্ড অন্তৰ্ভূক্ত কৰি নেপালৰ নতুন মানচিত্ৰ প্ৰকাশ কৰাৰ পাছতে আন এক আক্ৰমণাত্মক ভূমিকা গ্ৰহণ কৰিছে।

নেপাল চৰকাৰে প্ৰথমবাৰৰ বাবে ভাৰত আৰু নেপাল সীমান্তত সৈন্য বাহিনী নিয়োগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ভাৰতৰ সৈতে শেহতীয়াভাৱে আৰম্ভ হোৱা সীমা বিবাদৰ প্ৰতি লক্ষ্য ৰাখি নেপালে ভাৰতৰ সৈতে থকা মুকলি সীমান্ত গেট সমূহ বন্ধ কৰাৰো সিদ্ধান্ত লৈছে বুলি জানিব পৰা গৈছে।

ভাৰতৰ সৈতে নেপালৰ ১৭০০ কিলোমিটাৰ মুকলি সীমা আছে। বৰ্তমানলৈ ভাৰতীয় লোক নেপাললৈ গলে অথবা নেপালৰ লোক ভাৰতলৈ আহিলে কোনোধৰণৰ বাধ্যবাধকতা নথকাকৈ এই সীমান্ত গেট সমূহেৰে অহা যোৱা কৰিব পাৰে।

নেপাল চৰকাৰৰ শেহতীয়া সিদ্ধান্তৰ পাছত এতিয়াৰে পৰা কিছু নিৰ্দিষ্ট সীমাবদ্ধতাৰ মাজেৰেহে ভালতীয় লোক সকল নেপাললৈ অহা-যোৱা কৰিব পাৰিব।

উল্লেখযোগ্য যে, চীনৰ সৈতে ভাৰতৰ অব্যাহত থকা শেহতীয়া সীমা বিবাদৰ পাছত নেপালৰ সীমান্তত সৈন্য বাহিনী নিয়োগ কৰা সিদ্ধান্তই ভবিষ্যতে ভাৰত আৰু নেপালৰ মাজত দ্বিপাক্ষিক সম্পৰ্কৰ অধিক অৱনতি ঘটাব বুলি নিশ্চিত হৈছে।