NORTHEAST NOW (Assamese)

ভাৰতৰ ভূমি অন্তৰ্ভু্ক্তিৰে প্ৰকাশ কৰা নেপালৰ বিতৰ্কিত মানচিত্ৰখন পাঠ্যক্ৰমত সংযোজন কৰা হৈছে

September 19, 2020 3:37 pm · এন ই নাও নিউজ
Updated: September 19, 2020 3:42 pm

চীনৰ সহযোগ তথা উৎসাহত ভাৰত বিৰোধী কাৰ্যকলাপ অব্যাহত ৰাখিছে চুবুৰী ৰাষ্ট্ৰ নেপালে।

ভাৰতৰ ভূখণ্ড নেপালৰ বুলি দাবী কৰি নেপালৰ সংসদ গৃহীত কৰাৰ বিতৰ্কিত নেপালৰ মানচিত্ৰখন এইবাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিছে নেপালৰ অলি চৰকাৰে।

এক সূত্ৰৰ খবৰ অনুসৰি কেৱল ইমানেই নহয়, নেপাল চৰকাৰে নেপালৰ নতুন মুদ্ৰাতো এই বিতৰ্কিত মানচিত্ৰখন খোদাই কৰিব বুলি জানিবলৈ দিছে।

উল্লেখ্য যে নেপালৰ জাতীয়তাবাদী চৰকাৰ বুলি পৰিচয় দিয়া অলিৰ নেপাল চৰকাৰে বেইজিঙৰ সহযোগ আৰু উৎসাহত ভাৰতৰ বহু এলেকা অন্তৰ্ভুক্ত কৰি এখন বিতৰ্কিত মানচিত্ৰ প্ৰস্তুত কৰি নেপালৰ সংসদত গৃহীত কৰিছিল।

উক্ত মানচিত্ৰত ভাৰতৰ কালিপানি, লিপুলেখ আৰু লিম্পুৱাধুৱা আদিৰ ভূভাগক অন্তৰ্ভুক্ত কৰিছে নেপাল চৰকাৰে। ইতিমধ্যে ভাৰত চৰকাৰে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি আহিছে।

কিন্তু ভাৰতৰ বিৰোধিতালৈ ভ্ৰূক্ষেপ নকৰি অলিয়ে নিজৰ গাদী ৰক্ষাৰ স্বাৰ্থতে চীনৰ সহযোগত এইদৰে ভাৰত বিৰোধী কাৰ্যকলাপ চলাই আহিছে বুলি অভিযোগ উত্থাপন হৈছে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে বেইজিঙে এনজিঅ’ৰ যোগেদি বিপুল পৰিমাণৰ ধন নেপাল চৰকাৰলৈ আগবঢ়োৱা বুলি বাতৰি প্ৰকাশ পাইছিল।

প্ৰধানমন্ত্ৰী অলিৰ নিৰ্দেশত নেপালৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত এই বিতৰ্কিত মানচিত্ৰখনত উত্তৰাখণ্ডৰ পিথোৰাগড় জিলাকো নিজৰ বুলি দাবী কৰি সংযোজন কৰা হৈছে।

এই প্ৰসঙ্গত নেপালৰ শিক্ষামন্ত্ৰী গিৰিৰাজ মণি পোথাৰেলে জনাইছে যে, উচ্চ মাধ্যমিক পাঠ্যক্ৰমৰ নতুন পাঠ্যপুথিত এই নতুন মানচিত্ৰখন সংযোজন কৰা হৈছে। আনকি শিক্ষামন্ত্ৰী গৰাকীয়ে নিজেই ইয়াৰ ভূমিকা পৰ্যন্তও লিখিছে।

Related News