NORTHEAST NOW (Assamese)
নেপাল

নেপালত অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে ঘোষণা নিৰ্বাচনৰ তাৰিখ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 13, 2025 7:21 am
নেপালত অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে ঘোষণা নিৰ্বাচনৰ তাৰিখ

নেপালৰ ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌডেলে দেশত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দিন ঘোষণা কৰিছে।

জাৰি কৰা বিবৃতি অনুসৰি ২০২৬ চনৰ ৫ মাৰ্চত নেপালত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব।

পৌডেলৰ প্ৰেছ উপদেষ্টা কিৰণ পোখৰেলে জনোৱা মতে, নৱনিযুক্ত প্ৰধানমন্ত্ৰী সুশিলা কাৰ্কীৰ পৰামৰ্শ মতে ৰাষ্ট্ৰপতিয়ে নিৰ্বাচনৰ দিন ঘোষণা কৰে।

কাৰ্কি নেতৃত্বাধীন চৰকাৰে ছমাহৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব।

ইয়াৰ পূৰ্বে শুকুৰবাৰে নিশা নেপালৰ প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কী নেপালৰ প্ৰথমগৰাকী অন্তৱৰ্তীকালীন মহিলা প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হয়।

সুশিলা কাৰ্কিক কাৰ্যভাৰ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰাই ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌডেলে।

চলিত সপ্তাহত নেপালত সংঘটিত হয় হিংসাত্মক প্ৰতিবাদ। এই বিক্ষোভক ‘জেন-জি’ প্ৰদৰ্শন বুলি অভিহিত কৰা হৈছিল।

এই প্ৰতিবাদত ৰাজধানী কাঠমাণ্ডুৰ প্ৰায়বোৰ ঐতিহাসিক আৰু আধুনিক অট্টালিকাতে অগ্নিসংযোগ কৰাই হয়। এই আন্দোলনৰ বাবেই নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলি আৰু আন আন মন্ত্ৰীসকলে পদত্যাগ কৰে।