NORTHEAST NOW (Assamese)
Popular Stories

কলকাতা মেট্ৰ’ত থিয় হৈ প্ৰকাশ্যে চুম্বন : ভাইৰেল ভিডিঅ’ দেখি নেটিজেনৰ চকু কপালত

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী December 18, 2024 7:00 am

কলকাতা মেট্ৰষ্টেচনত থিয় হৈ সকলোৰে সন্মুখত মুকলিকৈ চুমা খালে এহাল প্ৰেমিক দম্পতীয়ে। তাৰ লগে লগে ছচিয়েল মিডিয়াত আৰম্ভ হহূলস্থূল। বিয়পি পৰিল ঘটনাৰ ভিডিঅ’।

ইয়াৰ পিছতেই সমগ্ৰ ছচিয়েল মিডিয়া এতিয়া দুটা গোটত বিভক্ত। এটা গোট, যিয়ে দম্পতীহালৰ কঠোৰ শাস্তিৰ দাবী কৰিছে। আন এটা গোটে তেওঁলোকৰ সমৰ্থনত তৰ্ক কৰিছে।

শেহতীয়াকৈ কলকাতা মেট্ৰষ্টেচনৰ পৰা ছচিয়েল মিডিয়াত এটা ভিডিঅভাইৰেল হৈছিল। কালিঘাট মেট্ৰষ্টেচনত থিয় হৈ চুমা খাই থকা দম্পতীক দেখা গৈছে। এই ভিডিঅটো ছচিয়েল মিডিয়াত বনজুইৰ দৰে বিয়পি পৰিল। এতিয়া মেট্ৰষ্টেচনত থিয় হৈ চুমা খোৱাটো উচিত নে ভুল সেই সম্পৰ্কে তীব্ৰ চৰ্চা চলিছে। ৰাজহুৱা স্থানত ঘনিষ্ঠতা ন্যায্য নে অশ্লীলতা তাকে লৈ চৰ্চা চলি আছে।

আৰক্ষীয়ে দাবী কৰে যে দম্পতীহালে একেবাৰেই সঠিক কাম কৰা নাছিল। অৱশ্যে একাংশই ইয়াৰ বিৰুদ্ধে তীব্ৰভাৱে লিখিছে, ইয়াত কোনো নগ্নতা বা অশ্লীলতা নাই। কাৰোবাৰ প্ৰতি প্ৰেম প্ৰকাশ কৰাটো অপৰাধ হব নোৱাৰে।

একে সময়তে কোনোবাই যুক্তি দিছে যে যদি কোনোবাই ৰাজপথত কাজিয়া কৰে, তেন্তে তাক বাধা দিবলৈ কোনেও আগবাঢ়ি নাযায়। গতিকে প্ৰেমৰ প্ৰকাশত ক্ষতি ক?

একাংশই কৈছে যে যদি কোনোবাই পেৰিছৰ আইফেল টাৱাৰৰ সন্মুখত চুমা খাই, তেন্তে সকলোৱে কয় “কিমান ৰোমান্টিক!”  কলকাতা মেট্ৰত চুমা খালে সকলোৱে ক, “এইবোৰ অশ্লীলতা।”

মুঠৰ ওপৰত এটা চুমাক লৈ এতিয়া গৰম ভাৰতৰ সামাজিক মাধ্যম।