NORTHEAST NOW (Assamese)
Popular Stories

নৱম শ্ৰেণীৰ কিতাপত ‘ডেটিং-ৰিলেচনশ্বিপ’! CBSE-ৰ নতুন অধ্যায়ৰ ছবি ভাইৰেল; কি প্ৰতিক্ৰিয়া নেটিজেনৰ?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 2, 2024 12:28 pm

দেশৰ বিদ্যালয়সমূহত শিশু আৰু কিশোৰ-কিশোৰীৰ বাবে যৌন শিক্ষাৰ প্ৰৱৰ্তনৰ বিষয়টো দীৰ্ঘদিন ধৰি বিবেচনাধীন হৈ আহিছে। প্ৰায়ে আলোচনা কৰা হয় যে শিশুসকলক স্কুলত যৌন শিক্ষাৰ বিষয়ে শিকোৱা উচিত যাতে তেওঁলোকৰ বিকাশ সঠিক সময়ত হয়। লগতে, ই তেওঁলোকক শিশুৰ যৌন নিৰ্যাতনৰ বিষয়ে সচেতন কৰি তোলাতো সহায় কৰিব পাৰে।

কিশোৰ অৱস্থাক বয়সৰ সেই পৰ্যায় বুলি গণ্য কৰা হয় যেতিয়া তেওঁলোকে সকলো ধৰণৰ বিষয়ৰ প্ৰতি অতি আগ্ৰহ অনুভৱ কৰে। যেনে, যৌন শিক্ষা, ডেটিং, ৰোমাঞ্চ বা সম্পৰ্কৰ দৰে বিষয়। অভিভাৱকসকলক প্ৰায়ে কোৱা হয় যে কৈশোৰ কালত ভৰি দিয়াৰ পিছত এই বিষয়বোৰ সন্তানৰ সৈতে মুকলিকৈ আলোচনা কৰিব লাগে।

এতিয়া চিবিএছইয়ে নিৰ্ধাৰণ কৰা নৱম শ্ৰেণীৰ কিতাপ এখনত মূল্যবোধৰ শিক্ষাৰ অধীনত ‘ডেটিং এণ্ড ৰিলেচনশ্বিপ’ অধ্যায়টো শিকোৱা হৈছে। এই অধ্যায়ৰ এখন ছবি ছ’চিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে। দৰাচলতে এই অধ্যায়ৰ ছবিখন X ৰ @nashpateeee হেণ্ডেলত শ্বেয়াৰ কৰা হৈছে।

ছবিখনত আপুনি ‘ডেটিং এণ্ড ৰিলেচনশ্বিপ’ অধ্যায়ৰ তলত লেখা আছে – “নিজকে আৰু আন ব্যক্তিক বুজা।”  লগতে, ৰেফাৰেঞ্চৰ বাবে ইয়াৰ তলত এটা লাইন আছে – “এটা আদৰ্শ সম্পৰ্কৰ দুটা কথা: প্ৰথমে সাদৃশ্যৰ শলাগ লোৱা আৰু দ্বিতীয়তে পাৰ্থক্যক সন্মান কৰা।”

কৈশোৰ কালত ইজনে সিজনৰ লগত সময় কটোৱাৰ পিছত আমি কেনেদৰে কাৰোবাক ‘বিশেষ’ বুলি ভাবিবলৈ পাওঁ, সেই বিষয়ে উদাহৰণেৰে বুজাবলৈ চেষ্টা কৰা হৈছে অধ্যায়টোত। লগতে কোনো ব্যাখ্যা নিদিয়াকৈ সম্পৰ্ক শেষ কৰা, কেটফিছিং (চিত্ৰ আৰু তথ্য ব্যৱহাৰ কৰি আন এজন ব্যক্তিক প্ৰলোভিত কৰিবলৈ চেষ্টা কৰা) আৰু চাইবাৰ বুলিং আদি শব্দবোৰো পৰৱৰ্তী পৃষ্ঠাত ব্যাখ্যা কৰা হৈছে।

https://twitter.com/holmeschisty7/status/1752397010534379677?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1752397010534379677%7Ctwgr%5E854dce18360ae0970bfe213ce21d8208e1bb5218%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Fwww.mensxp.com%2Frelationships%2Frelationship-advice%2F153640-internet-reacts-to-9th-class-cbse-school-chapter-on-teenage-dating-and-relationships.html

এই ছবিক লৈ প্ৰতি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নেটিজেনসকলে। বহু ব্যৱহাৰকাৰীয়ে জানিবলৈ চেষ্টা কৰিছে যে এইটো এন চি আৰ টি কিতাপৰ এটা অধ্যায় নেকি। এজনে লিখিছে – “আচৰিত! এইখন কোনখন ব’ৰ্ডৰ কিতাপ? চিবিএছই, আইচিএছই নে ষ্টেট ব’ৰ্ড।”

https://twitter.com/Vidushee_Harsh/status/1752699992014492065?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1752699992014492065%7Ctwgr%5E72be28de60a6fa83283db237ab0cd9502f68b47c%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Fwww.mensxp.com%2Frelationships%2Frelationship-advice%2F153640-internet-reacts-to-9th-class-cbse-school-chapter-on-teenage-dating-and-relationships.html

আন এজনে লিখিছে – “পৰৱৰ্তী অধ্যায়টোও ব্ৰেকআপ আৰু পেচআপৰ বিষয়ে হ’ব লাগে।”