NORTHEAST NOW (Assamese)
অসম

সৰুসজাইত গলৰ বৰষুণ; জামছেদপুৰৰ বিৰুদ্ধে ড্ৰ খেলিলে নৰ্থ-ইষ্ট য়ুনাইটেডে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 11, 2020 10:10 am
NEUFC-

সোমবাৰে সন্ধিয়া সৰুসজাইৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত নৰ্থ-ইষ্ট য়ুনাইটেড আৰু জামছেদপুৰ এফ চিৰ মাজত অনুষ্ঠিত আই এছ এলৰ খেলখন ৩-৩ গলত ড্ৰ ৰূপে সমাপ্ত হয়।

মেচৰ আৰম্ভণিতে অৰ্থাৎ পাঁচ মিনিটতে ফেডৰিকো গালাগোৱে নৰ্থ-ইষ্টক প্ৰথমটো অগ্ৰগতি প্ৰদান কৰে।

জামছেদপুৰৰ হৈ প্ৰথমাৰ্দ্ধৰ ইনজুৰী টাইমত ডেভিদ গ্ৰেণ্ডেই গ’লটো পৰিশোধ কৰাত প্ৰথমাৰ্দ্ধৰ খেল ১-১ ত অন্ত পৰে।

ইফালে খেলৰ দ্বিতীয়াৰ্দ্ধত দুয়ো দলে আক্ৰমণ তীব্ৰ কৰি তোলে যদিও নৰ্থ-ইষ্টে ৭৭ মিনিটত ৰেডীম টাঙৰ জৰিয়তে দ্বিতীয়টো গল কৰে। কিন্তু ইয়াৰ ঠিক কিছু সময় পিছতেই অৰ্থাৎ৮২ মিনিটত জামছেদপুৰৰ নো একোষ্টাই পুনৰ গলটো পৰিশোধ কৰে।

২-২ ৰূপে খেলখন অন্ত পৰিব বুলি ষ্টেডিয়ামত উপস্থিত দৰ্শকে ধাৰণা কৰাৰ সময়তে ৮৫ মিনিটত জামছেদপুৰৰ মেমো মউৰাই গল কৰি দলক গুৰুত্বপূৰ্ণ অগ্ৰগতি দিয়াৰ লগতে মেচখন ৰোমাঞ্চকৰ কৰি তোলে।

কিন্তু মেচ অন্ত পৰিবলৈ দুই মিনিট বাকী থকাৰ সময়তে ঘৰুৱা দলৰ হৈ জোছ লিউডোৱে তৃতীয়টো গল কৰাত মেচখন ৩-৩ গলত ড্ৰ হয়।

নৰ্থ-ইষ্ট য়ুনাইটেড দলে এই পৰ্যন্ত লীগৰ ১৫ খন মেচৰ পৰা মাত্ৰ ১৩ পইণ্ট সংগ্ৰহেৰে তালিকাৰ ৯ নম্বৰ স্থানত আছে।