NORTHEAST NOW (Assamese)
Popular Stories

চাহ কৰাৰ পিছত কেতিয়াও পেলাই নিদিব : জানি লওক সিজোৱা চাহপাতৰ ৫টা ব্যৱহাৰ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী November 26, 2024 8:15 pm

চাহ কৰাৰ পিছত বহু লোকে জমা হোৱা চাহপাতখিনি ডাষ্টবিনত পেলাই দিয়ে। অৱশ্যে বহুতে এই চাহ সাৰ হিচাপে ব্যৱহাৰ কৰে। কিন্তু জানেনে, সাৰ হিচাপে ব্যৱহাৰৰ কৰা উপৰিও এই চাহপাত আন বহু কামত ব্যৱহাৰ কৰা হয়!

১) চাহপাতত এন্টিঅক্সিডেন্ট থাকে। শৰীৰত আঘাত পালে তাত সিজোৱা চাহপাত সহজে লগাব পাৰে।

২) গোটেই দিনটো কম্পিউটাৰৰ সন্মুখত বহি থকাৰ অভ্যাস থাকিলে চাহপাত খিনি পৰিস্কাৰ কাপোৰত বান্ধি লৈ লাহে লাহে চকুত লগাব পাৰে। ই চকুক আৰাম দিব।

৩) ব্ৰণৰ সমস্যাত ভুগিছে নেকি? ব্যৱহৃত চাহখিনি পৰিষ্কাৰ পানীত অলপ সময় তিয়াই থওক। তাৰ পিছত সেই পানীত কপাহ তিয়াই মুখখন মচি দিব। সপ্তাহত কমেও তিনিদিন কৰিলে ব্ৰণৰ সমস্যা নোহোৱা হ’ব।

৪) ঘৰৰ কাঠৰ আচবাববোৰ দীৰ্ঘদিন ধৰি মজবুত কৰি ৰাখিবলৈ চাহপাত ব্যৱহাৰ কৰিব পাৰে। ব্যৱহৃত চাহপাত পুনৰ উতলাই লৈ কাঠৰ আচবাব মচিব পাৰে।

৫) পাতল কাপোৰ এখনত ব্যৱহৃত চাহপাত ভৰাই জোতাৰ ভিতৰত থৈ দিব। ২৪ ঘন্টা এনেকৈ ৰাখিলে দেখিব যে জোতাৰ গোন্ধ নাইকিয়া হৈ গৈছে।