NORTHEAST NOW (Assamese)
অসম

আজি ৰাজ্যৰ ১৭ টা ছবিগৃহত মুক্তি পালে নতুন অসমীয়া ছবি কানীনে

Posted by: এন ই নাও নিউজ March 22, 2019 8:11 pm
maxresdefault

সাহিত্য অকাডেমী বঁটা প্ৰাপক বিশিষ্ট সাহিত্যিক ৰীতা চৌধুৰীৰ উপন্যাসৰ আধাৰত নিৰ্মাণ কৰা অসমীয়া চলচ্চিত্ৰ ‘কানীন’ আজি গুৱাহাটীৰ লগতে ৰাজ্যখনৰ মুঠ সোতৰটা ছবিগৃহত মুক্তি লাভ কৰে।

শিৱম ক্ৰিয়েশ্যনৰ বেনাৰত নিৰ্মাণ হোৱা চলচ্চিত্ৰখন পৰিচালনা কৰিছে জনপ্ৰিয় অসমীয়া বোলছবি পৰিচালক মঞ্জুল বৰুৱাই। ইয়াৰ পূৰ্বেও মঞ্জুল বৰুৱাই নিৰ্মাণ কৰা অসমীয়া বোলছবি অন্তৰীণে ভালেকেইটা বঁটাৰ লগতে দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল।

সম্পূৰ্ণ সামাজিক চিন্তাধাৰাৰে নিৰ্মাণ কৰা অসমীয়া চলচ্চিত্ৰখনৰ মূল বিষয়বস্তু হ’ল নাৰী কেন্দ্ৰীক ধ্যান-ধাৰণা। চলচ্চিত্ৰখনত পৰিচালকৰ দ্বাৰা নাৰী সমাজৰ ভালেকেইটা জলন্ত সমস্যা তুলি ধৰাৰ প্ৰয়াস কৰা হৈছে।

কানীনৰ সংগীত পৰিচালনা কৰিছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তৰালি শৰ্মাই। ইতিমধ্যে মুকলি হোৱা ছবিখনৰ গানকেইটা দৰ্শকে আদৰি লৈছে। ছাউণ্ড ডিজাইন আৰু মিক্সিঙৰ কাম কৰিছে বলীউদত প্ৰতিষ্ঠিত অসম সন্তান অমৃত প্ৰীতম আৰু দেবজিৎ চাংমাই।

ছবিখনত অভিনয় কৰিছে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক বাহাৰুল ইছলাম, ডাঃ জাহানাৰা বেগম, পূৰ্ণিমা শইকীয়া পাঠককে ধৰি ভালেকেইজন ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে।