NORTHEAST NOW (Assamese)
অসম

বজাৰত বাজাজৰ নতুন Pulsar 125CC বাইক; NS125 আৰু Pulsar150 ৰ সৈতে তুলনা কৰক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 17, 2019 11:32 am
Bajaj Pulsar125

ভাৰতৰ জনপ্ৰিয় দুচকীয়া বাহন নিৰ্মাতা প্ৰতিষ্ঠান বাজাজে ইয়াৰ পালচাৰ(Pulsar) চিৰিজৰ নতুন ১২৫ চি চিৰ এখন পালচাৰ বাইক ভাৰতীয় বজাৰত মুকলি কৰি দিয়াৰ বাবে প্ৰস্তুতি চলাইছে।

সম্প্ৰতি উপলব্ধ হৈ থকা বাজাজ এন এচ১২৫ ৰ পাছত প্ৰতিষ্ঠানটোৱে ভাৰতৰ বজাৰত পালচাৰ টেগৰে সৈতে নতুন ১২৫ চি চিৰ বাইকখন মুকলি কৰি দিব।

নতুনকৈ মুকলি হ’বলগীয়া পালচাৰ ১২৫ চিচি বাইকখনত কেনেধৰণৰ মেকানিকেল প্ৰযুক্তি সংলগ্ন কৰা হ’ব যদিও সঠিককৈ জানিব পৰা হোৱা নাই তথাপি বৰ্তমান উপলব্ধ হৈ থকা এন এছ ১২৫ বাইকখনৰ সৈতে একে হ’ব বুলি অনুমান কৰা হৈছে।

এন এছ ১২৫ বাইকখন ১২৫ চি চিৰ ইঞ্জিনযুক্ত এয়াৰ কুল, ৪ ভাল্ভ, চিংগল চিলিণ্ডাৰ মটৰ পাইৰেড ফাইভ স্পীড গিয়াৰবক্সৰে সৈতে আকৰ্ষণীয় সুবিধা আৰু ক্ষমতাৰে উপলব্ধ। সমান্তৰালভাৱে নতুনকৈ মুকলি কৰিবলগীয়া পালচাৰ১২৫ চিচি বাইকখনতো এইবোৰ একেই প্ৰযুক্তি ব্যৱহাৰ কৰা হ’ব বুলি অনুমান কৰা হৈছে।

পাৱাৰ আউটপুট আৰু ইঞ্জিনৰ ক্ষমতাৰ ক্ষেত্ৰত নতুনকৈ মুকলি হ’বলগীয়া পালচাৰ ১২৫ চি চি বাইকখন এন এছ ১২৫ কৈ অধিক উন্নত হ’ব পাৰে।

এন এছ ১২৫ ৰ ইঞ্জিন  লক্ষ্য কৰিলে দেখা যায় যে ইয়াৰ ইঞ্জিন ক্ষমতা বাজাজ ডিস্কোভাৰ ১২৫ ৰ ১১.৫ বি এইচ পি ৰ ১১ এন এম পিক টৰ্ক আৰু বাজাজ পালচাৰ ১৫০ৰ ১৪.৫ বি এইচ পিৰ ১৩.৪ এন এমতকৈ উন্নত। সেই ক্ষেত্ৰত নতুন বাজাজ পালচাৰ ১২৫ চিচি বাইকখন অধিক শক্তিশালী ৰূপত গ্ৰাহকৰ সন্মুখলৈ অহাৰ সম্ভাৱনা আছে।