NORTHEAST NOW (Assamese)

হাফলং প্ৰেছ ক্লাবৰ নতুন সমিতি; আৱৰ্ত ভৱনত অনুষ্ঠিত হ’ল বাৰ্ষিক সাধাৰণ সভা

September 17, 2018 7:24 am · পংকজ কুমাৰ দেব
দেওবাৰে হাফলং প্ৰেছ ক্লাবৰ বাৰ্ষিক সাধাৰণ সভা হাফলং আবৰ্ত ভৱনত অনুষ্ঠিত হৈ যায়। বিশিষ্ট সাংবাদিক তথা প্ৰেছ ক্লাবৰ সভাপতি অনুপ কুমাৰ বিশ্বাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত জিলা সদৰৰ ভালে মান সাংবাদিক তথা সংবাদকৰ্মী সকল উপস্থিত থাকে।
সভাত ক্লাবৰ বিভিন্ন দিশৰ ওপৰত এক দীৰ্ঘ পৰ্যায়ৰ আলোচনা কৰা হয়। কালিৰ আলোচনাটোত ভাগ লয় প্ৰবীণ সাংবাদিক সূৰ্য্য থাউচেন, এল কে হেঙনা, বিদায়ী সচিব চামছুল আলম, নিৰ্মল সিঙ, পংকজকুমাৰ দেব, বিপ্লৱ দেব,শিবন নাথ, প্ৰশান্ত ভট্টাচাৰ্য, স্বদীপ হাছাম,সূৰজ বৰ্মন,পংকজ টিমুঙ, এম হাছান আদি লোক সকলে।
নব গঠিত হাফলং প্ৰেছ ক্লাবৰ পদাধিকাৰীসকল হ’ল ক্ৰমে সভাপতি অনুপকুমাৰ বিশ্বাস, সহ সভাপতিদ্বয় সূৰ্য্য থাউচেন আৰু এল কে হেঙ্গনা, সাধাৰণ সচিব বিপ্লব দেব, যুটীয়া সচিব স্বদীপ হাছাম আৰু শিবন নাথ, কোষাধ্যক্ষ পংকজকুমাৰ দেব। কাৰ্যালয় সচিব সম্ভুধন ফং’ল আৰু সহকাৰী গৌৰব চুনাৰ।

Related News