NORTHEAST NOW (Assamese)
অসম

বৃটেইনত পুনৰ ক’ৰ’নাৰ নুতন ৰূপ, বিমান সেৱা বন্ধ কৰিলে ভাৰতে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 21, 2020 4:01 pm

ক’ৰ’না ভাইৰাছৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে সোমবাৰে বৃটেইনৰ পৰা আহিবলগীয়া সকলো ধৰণৰ বিমানৰ সেৱা বাতিল কৰাৰ কথা ঘোষণা কৰে।

বৃটেইনত নতুনকৈ পুনৰ এবাৰ ক’ৰ’না ভাইৰাছৰ সংক্ৰমণে সংহাৰী ৰূপ ধাৰণ কৰাত ভাৰত চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হয়।

জানিব পৰা মতে, ভাৰতে বৃটেইনৰ পৰা আহিবলগীয়া সকলো ধৰণৰ বিমান সেৱা অহা ৩১ ডিচেম্বৰলৈকে বাতিল কৰি দিয়ে।

অসামৰিক বিমান পৰিবহন মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা কোৱা হয় যে বৃটেইনত সম্প্ৰতি দেখা দিয়া ক’ৰ’নাৰ ভয়াৱহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতে বৃটেইনৰ পৰা আহিবলগীয়া সকলো ধৰণৰ বিমান সেৱা অহা ৩১ ডিচেম্বৰৰ নিশা ১১ বাজি ৫৯ মিনিটলৈ বাতিল কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

উল্লেখ্য যে বৃটেইনত শেহতীয়াকৈ দেখা দিয়া ক’ৰ’নাৰ দ্ৰুত সংক্ৰমণৰ বাবে ভাৰতৰ উপৰি ফ্ৰান্স, জাৰ্মানী, নেডাৰলেণ্ড, বেলজিয়াম, অষ্ট্ৰিয়া, ইটালী, ৰোমানিয়া, তুৰ্কী আদি দেশেও বিমান সেৱা বাতিল কৰিছে।

ইফালে বৃটেইনেও ক’ৰ’নাৰ সংক্ৰমণ ৰোধৰ উদ্দেশ্যে সকলো ধৰণৰ ৰেইল সেৱা বাতিল কৰা বুলি জানিব পৰা গৈছে।