NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত নতুন কোভিড SOP ঘোষণা; কি কি ক্ষেত্ৰত আহিল অধিক শিথিলতা?

Posted by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী October 1, 2021 2:54 pm

ক’ভিড পৰিস্থিতি আৰু অধিক উন্নীত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে আজিৰে পৰাই কাৰ্যকৰী হোৱাকৈ এছঅ’পি জাৰি কৰিছে।

স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই মাজুলীৰ গড়মূৰৰ উপায়ুক্ত কাৰ্যালয়ত এক সংবাদমেলযোগে জনাইছে এই কথা।
তলত সকলো নিয়ম উল্লেখ কৰা হ’ল:

ৰাজ্যজুৰি নৈশ সান্ধ্য আইনৰ ক্ষেত্ৰত পুনৰ শিথিলতাৰ ব্যৱস্থা।

নিশা ১০.০০ বজাৰ পৰা পিছদিনা পুৱা ৫.০০ বজালৈ বলৱৎ থাকিব সান্ধ্য আইন। ইতিপূৰ্বে নিশা ৯.০০ বজালৈ সান্ধ্য আইন বাহাল আছিল।

নিশা ৯.০০ বজালৈ খোলা ৰাখিব পাৰিব কৰ্মক্ষেত্ৰ, ব্যৱসায়িক-বাণিজ্যিক প্ৰতিষ্ঠান (হোটেল-ৰেষ্টুৰেণ্ট-ধাবা, ব্যৱসায়িক-বাণিজ্যিক প্ৰতিষ্ঠান, বিক্ৰী কেন্দ্ৰ, শ্ব’ৰোম, গেলামালৰ দোকান, ফলমূল, পাচলিৰ দোকান আদি)। ইতিপূৰ্বে নিশা ৮.০০ বজালৈ আছিল এই সময়সীমা।

মুকলি স্থানত আয়োজিত সভা-সমিতি, সামাজিক/ৰাজহুৱা অনুষ্ঠানত দুয়োপালি ক’ভিড প্ৰতিষেধক লোৱা সৰ্বাধিক ৫০গৰাকী লোকে ভাগ ল’ব পাৰিব। অৱশ্যে জিলা উপায়ুক্তৰ অনুমতিপ্ৰাপ্ত সভা-সমিতি-অনুষ্ঠানৰ লগতে বিবাহ বাহৰত আয়োজিত বিয়াৰ অভ্যৰ্থনা আদিত সৰ্বাধিক ২০০ গৰাকী লোকে অংশগ্ৰহণ কৰিব পাৰিব।

সকলো অংশগ্ৰহণকাৰীয়ে দুয়োপালি ক’ভিড প্ৰতিষেধক লোৱাটো বাধ্যতামূলক।ৰাজ্যৰ বিখ্যাৎ ধৰ্মীয়স্থানসমূহ (কামাখ্যা মন্দিৰ, শিৱসাগৰৰ শিৱদৌল, আজানপীৰ দৰগাহ, হাজোৰ পোৱামক্কা আদি)ত প্ৰতি ঘণ্টাত দুয়োপালি প্ৰতিষেধক লোৱা সৰ্বাধিক ৬০ গৰাকী লোকৰ দৰ্শনত অনুমতি।

আন ধৰ্মীয়স্থান দৰ্শনৰ ক্ষেত্ৰত ঘণ্টাত ৪০গৰাকী লোকৰ বাবে অনুমতি। দুয়োপালি ক’ভিড প্ৰতিষেধক লোৱা লোকৰ বাবেহে মুকলি থাকিব ধৰ্মীয় স্থানৰ চৌহদত প্ৰৱেশৰ সুযোগ।

চিনেমা হ’লসমূহ মুকলি কৰিবলৈ অনুমতি। ৫০ শতাংশ আসনত দুয়োপালি ক’ভিড প্ৰতিষেধক লোৱা দৰ্শকেৰে চিনেমা প্ৰদৰ্শন কৰিব পাৰিব। ক’ভিড প্ৰট’কল মানিব লাগিব।

দুয়োপালি ক’ভিড প্ৰতিষেধক লোৱা শিক্ষাৰ্থী, শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰীৰে সকলো শিক্ষা প্ৰতিষ্ঠানত পাঠদানত অনুমতি। শিক্ষা বিভাগে ইতিমধ্যে পৃথকে এছঅ’পি জাৰি কৰিছে আৰু প্ৰয়োজন অনুসাৰে অতিৰিক্ত ভাৱে নিয়মাৱলী শিক্ষানুষ্ঠানসমূহলৈ পুনৰ আগবঢ়াব।

সকলো শিক্ষানুষ্ঠানৰ মূৰব্বীয়ে নিজ শিক্ষানুষ্ঠানৰ শিক্ষক-শিক্ষয়িত্ৰী তথা কৰ্মচাৰীসকলে ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰাৰ বিষয়ে ৰাইজে দেখা পোৱাকৈ শিক্ষানুষ্ঠান চৌহদৰ সন্মুখ ভাগত বেনাৰ লগাই ৰাখিব লাগিব।

ভ্ৰাম্যমাণ থিয়েটাৰৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে ভ্ৰাম্যমান থিয়েটাৰৰে জৰিত সকলো পক্ষৰে আলোচনা চলাই আছে। এই বিষয়ত মুখ্যমন্ত্ৰীয়ে শীঘ্ৰে সিদ্ধান্ত আগবঢ়াব।
স্থায়ী প্ৰেক্ষাগৃহত ৫০ শতাংশ আসনৰ দৰ্শক আৰু ক’ভিড প্ৰট’কল মানি নাট প্ৰদৰ্শন কৰিব পাৰিব। শিল্পী, কলা-কুশলী, দৰ্শক সকলোৱে দুয়োপালি প্ৰতিষেধক ল’ব লাগিব।