NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথত নতুন উপায়ুক্ত

Posted by: কাজি জেইদুল ইছলাম Updated by: কাজি জেইদুল ইছলাম November 18, 2019 6:13 pm
New DC takes charge in Biswanth

ধ্ৰুৱজ্যোতি দাসে সোমবাৰে বিশ্বনাথ জিলাৰ নতুন উপায়ুক্তৰূপে দায়িত্ব গ্ৰহণ কৰিছে।

অসম অসামৰিক সেৱাৰ বিষয়া দাসে বিদায়ী উপায়ুক্ত পৱিত্ৰ ৰাম খাউণ্ডৰ পৰা জিলাখনৰ প্ৰশাসনীয় মুৰব্বীৰূপে দায়িত্ব গ্ৰহণ কৰে।

উপায়ুক্ত সভাকক্ষত আয়োজিত সভাত কাৰ্য্যভাৰ গ্ৰহণ কৰি দাসে আগন্তুক সময়ত প্ৰশাসন চলোৱাত সকলো বিষয়া-কৰ্মচাৰীৰে সহযোগিতা কামনা কৰে।

একেটা অনুষ্ঠানতে খাউণ্ডকো কাৰ্য্যালয়ৰ বিষয়া-কৰ্মচাৰীৰ লগতে জিলাখনৰ বিভিন্ন বিভাগ আৰু ব্যক্তি-অনুষ্ঠানে বিদায় জনায়।

অতিৰিক্ত উপায়ুক্ত প্ৰদীপ কুমাৰ সূত্ৰধৰৰ সঞ্চালনাত অনুষ্ঠিত বিদায় সভাত খাউণ্ডে তেওঁৰ কাৰ্য্যকালত আগবঢ়োৱা সহযোগিতাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে।

বিদায়ী উপায়ুক্তগৰাকীয়ে ঠিকাভিত্তিত নিয়োজিত কৰ্মচাৰীসকলকো জিলা প্ৰশাসনৰ এক অভিন্ন অংগ বুলি অভিহিত কৰে।

তেওঁ জিলাখনৰ উন্নয়নমূলক কাম-কাজত ঠিকাভিত্তিক কৰ্মচাৰীৰ অৱদানৰ কথা বিশেষভাৱে উল্লেখ কৰে।

সভাত জিলা নিৰ্বাচন বিভাগ, তথ্য আৰু জনসংযোগ, অফিচাৰ্চ ক্লাব, জন স্বাস্থ্য কাৰিকৰী, খাদ্য আৰু অসামৰিক যোগান, চক্ৰ বিষয়া কাৰ্য্যালয়ৰ মণ্ডল-কাননগো, এন আই চি, ডি আই চি, ই-গৱাৰ্নেন্স শাখা, সমাজ কল্যাণ আদি বিভিন্ন বিভাগে দুয়োগৰাকী বিষয়াকে বিপুলভাৱে সম্বৰ্ধনা জনায়।

অনুষ্ঠানটোত অতিৰিক্ত উপায়ুক্ত প্ৰদীপ কুমাৰ সূত্ৰধৰ, বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ এচ’চিয়েট ডীন ৰণেন কুমাৰ বৰ্মন, বন সংমণ্ডল বিষয়া মুকুট চন্দ্ৰ দাস, সহকাৰী আয়ুক্ত ত্ৰিলিনা টাইড, জনসংযোগ বিষয়া প্ৰশান্ত কুমাৰ বৰা, উপায়ুক্তৰ কাৰ্য্যালয়ৰ কৰ্মচাৰী গিৰীশ হাজৰিকা, ভবেন কুমাৰ, আব্দুল চৈয়দ প্ৰমুখ্যে বহুকেইগৰাকী ব্যক্তিয়ে বিদায়ী উপায়ুক্তৰ লগত কাম কৰাৰ অভিজ্ঞতা ৰোমণ্ঠন কৰে।

সভাখনত অতিৰিক্ত উপায়ুক্ত পাৰিজাত ভূঞাকে ধৰি জিলা প্ৰশাসনৰ সমূহ বিষয়ববীয়াৰ গতে জিলাখনৰ প্ৰায়বোৰ চৰকাৰী বিভাগৰ মুৰব্বীসকল উপস্থিত আছিল।