NORTHEAST NOW (Assamese)
Popular Stories

পুনৰ নতুন তাৰিখ ঘোষণা; ২০ মাৰ্চত ফাঁচী দিয়া হ’ব নিৰ্ভয়া কাণ্ডৰ চাৰি দোষীক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 5, 2020 3:29 pm
Nirbhaya Story

সমগ্ৰ দেশ কঁপাই যোৱা দিল্লীৰ নিৰ্ভয়া ধৰ্ষণ কাণ্ডৰ চাৰি দোষীক ২০ মাৰ্চৰ ৰাতিপুৱা ৫.৩০ বজাত ফাঁচী দিয়া হ’ব।

দিল্লীৰ পাটিয়ালা হাউচ কোৰ্টে নতুন মৃত্যু দণ্ডৰ তাৰিখ জাৰি কৰিছে। নিৰ্ভয়া কাণ্ডৰ চাৰি দোষীক ৰেহাই দিয়াৰ বাবে থকা সকলো ধৰণৰ আইনী বিকল্প ইতিমধ্যে শেষ হৈছে।

ন্যায়ালয়ে নতুন মৃত্যু দণ্ডৰ তাৰিখ ঘোষণা কৰাক লৈ নিৰ্ভয়াৰ পৰিয়ালবৰ্গই সন্তুষ্টি প্ৰকাশ কৰিছে।

আনহাতে, নিৰ্ভয়া কাণ্ডৰ দোষীৰ হৈ গোচৰ চলাই থকা অধিবক্তা পপী সিংহক ন্যায়ালয়ৰ নিৰ্দেশৰ পাছত অসন্তুষ্ট দেখা গ’ল।

দোষীৰ অধিবক্তা পপী সিংহই কয়, ‘‘আজি চতুৰ্থ বাৰলৈ মৃত্যু দণ্ডৰ আদেশ জাৰি কৰা হ’ল। মই জানিব বিচাৰো অপোনালোকে কিমানবাৰ ফাঁচী দিব বিচাৰে?’’

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে তিনিবাৰ নিৰ্ভয়াৰ দোষী সকলক ফাঁচী দিয়াৰ বাবে ন্যায়ালয়ে মৃত্যু দণ্ডৰ ৰায় দিছিল যদিও বিভিন্ন কাৰণত ফাঁচী দিব পৰা হোৱা নাছিল।

এতিয়া ২০ মাৰ্চত সকলোৱে নিৰ্ভয়া ধৰ্ষণ কাণ্ডৰ দোষী সকলৰ ফাঁচী হোৱাটো কামনা কৰিছে।