NORTHEAST NOW (Assamese)
অসম

যান-জঁটৰ পৰা পৰিত্ৰাণ; শীঘ্ৰেই নিৰ্মাণ হ’ব গুৱাহাটীত বহুকেইখন উৰণীয়া সেঁতু

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া December 8, 2019 11:59 am

গুৱাহাটীৰ যান-জঁটৰ পৰা মহানগৰবাসীক পৰিত্ৰাণ দিবলৈ ৰাজ্য চৰকাৰৰ গড়কপ্তানি বিভাগৰ গুৰুত্বপূৰ্ণ পদক্ষেপ। গুৱাহাটীত নিৰ্মাণ হ’ব বহুকেইখন উৰণীয়া সেঁতু। দেওবাৰে চুপাৰ মাৰ্কেটৰ পৰা ছয়মাইল আৰু লাষ্টগেট সংযোগী দলঙৰ আধাৰশিলা স্থাপন কৰি এই কথা ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ইতিমধ্যে গণেশগুৰি উৰণীয়া সেঁতুৰ পৰা ৰাধা গোবিন্দ পথ সংযোগী উৰণীয়া সেঁতুৰ কাম আৰম্ভ হৈছে। ৫৪ কোটি টকা ব্যয় সাপেক্ষে এই দলং নিৰ্মাণ হ’ব বুলি উল্লেখ মন্ত্ৰীগৰাকীৰ।

মন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি গণেশগুৰিৰ পৰা খানাপাৰালৈ আৰু চুপাৰ মাৰ্কেটৰ পৰা হাতীগাঁও, বিধায়ক আবাস সংযোগী হ’ব এই উৰণীয়া সেঁতু। তিনিবাহুযুক্ত হ’ব এই সেঁতু। ২ বছৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ প্ৰয়াস কৰিব বুলি ঘোষণা মন্ত্ৰীগৰাকীৰ।

গড়কপ্তানি বিভাগৰ অভিযন্তা অনিল দাসক এই উৰণীয়া সেঁতু নিৰ্মাণৰ দায়িত্ব দিয়া হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়াৰ লগতে ১২৭ কোটি টকা ব্যয় সাপেক্ষে এই দলং নিৰ্মাণ কৰা হ’ব বুলিও কয়।

এইখনেই আটাইতকৈ দীঘল উৰণীয়া সেঁতু হ’ব আৰু ইয়াৰ দৈৰ্ঘ্য হ’ব ১.৪ কিলোমিটাৰ।

আনহাতে, মালিগাঁৱৰ পৰা জালুকবাৰী উৰণীয়া সেঁতুলৈকে মুঠ ৪ কিঃমিঃ দৈর্ঘৰ দলং নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে বুলিও মন্ত্ৰী হিমন্তই জনায়।

“বিমানবন্দৰ পৰা পোনে পোনে ভূতনাথলৈকে কোনো যান-জঁটৰ সন্মুখীন নোহোৱাকৈ যাত্ৰীসকল আহিব পাৰিব। এই সেঁতুৰ এটা বাহু পাণ্ডু হৈ সোমাব আৰু কামাখ্যা মন্দিৰত গৈ লগ হ’ব।” হিমন্তই কয়।

লগতে এই উৰণীয়া সেঁতুৰ কাম সম্পূৰ্ণ হওঁতে তিনি বছৰ লাগিব বুলি হিমন্তই কয়।

আনহাতে, বশিষ্ঠ, লখৰা, গড়চুক আৰু বাইহাটা চাৰিআলিত অতি সোনকালে উৰণীয়া সেঁতু নিৰ্মাণৰ কাম আৰম্ভ হ’ব বুলি মন্ত্ৰী হিমন্তই আজিৰ অনুষ্ঠানতে উল্লেখ কৰে।

“এই দলং নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে অনুমোদন দিছে।” হিমন্তই কয়।

ইফালে ২০২০ ৰ শেষৰ ফালে লাচিত ঘাটৰ পৰা ৰাজভৱন সংযোগী উৰণীয়া সেঁতু নিৰ্মাণৰ কাম আৰম্ভ হ’ব বুলি হিমন্তই বিশ্ব শৰ্মাই উল্লেখ কৰে।

ইয়াৰোপৰি, গুৱাহাটীৰ সমান্তৰালকৈ বৰপেটা, সৰভোগ, ৰঙাপাৰা, ডিব্ৰুগড়, তেজপুৰ ইত্যাদি অঞ্চলত মুঠ ১২ খন উৰণীয়া সেঁতু নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে বুলি মন্ত্ৰী গৰাকীয়ে জনায়।

আজিৰ অনুষ্ঠানত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্য আৰু বিধায়ক অতুল বৰা উপস্থিত থাকে।