NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথ চাৰিআলিত নতুন কনিষ্ঠ বিজ্ঞান মহাবিদ্যালয়ৰ উদ্বোধন

Posted by: কাজি জেইদুল ইছলাম Updated by: কাজি জেইদুল ইছলাম April 21, 2019 8:40 pm

বিশ্বনাথ চাৰিআলিৰ কোচগাঁৱত আজি বিশ্বনাথ চায়েঞ্চ একাডেমি নামৰে এখন নতুন কনিষ্ঠ বিজ্ঞান মহাবিদ্যালয় উদ্বোধন কৰা হয়। বিশ্বনাথ চাৰিআলি পৌৰসভাৰ সভানেত্ৰী ৰুলী শৰ্মাই উদ্বোধন কৰা অনুষ্ঠানটোত সভাপতিত্ব কৰে বিশ্বনাথ মহাবিদ্যালয়ৰ অবসৰপ্ৰাপ্ত শিক্ষক ধনেশ্বৰ বৰাই।

অনুষ্ঠানৰ আৰম্ভণিতে বিদ্যালয়ৰ শৈক্ষিক সঞ্চালক নৱজ্যোতি শৰ্মা বৰুৱাই কনিষ্ঠ মহাবিদ্যালয়খনৰ বিষয়ে উপস্থিত ৰাইজক অৱগত কৰে।

অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী নুৰজামাল চৰকাৰে অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি কয়, ‘বিশ্বনাথ জিলাত ছাত্ৰ-ছাত্ৰীৰ অনুপাতে মহাবিদ্যালয়ৰ সংখ্যা কম হোৱাৰ বাবে বহু ছাত্ৰ-ছাত্ৰী বিশ্বানথৰ বাহিৰত গৈ শিক্ষাগ্ৰহণ কৰিব লগিয়া হৈছিল। আজিৰ পৰা বিশ্বনাথ চাৰিআলিত মুকলি হোৱা এই কনিষ্ঠ মহাবিদ্যালয়খনে এই ক্ষেত্ৰত এক বিশেষ ভুমিকা গ্ৰহণ কৰিব।’

অঞ্চলটোৰ কেইবাগৰাকী সন্মানিয় ব্যক্তি উপস্থিত থকা আজিৰ উক্ত উদ্বোধনী সভাত জিলা প্ৰশাসনৰ তৰফৰ পৰা বিশ্বনাথৰ ৰাজহ চক্ৰ বিষয়া বিশ্বজিৎ শইকীয়াই অংশগ্ৰহণ কৰি সকলো প্ৰকাৰৰ সহায় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে।