NORTHEAST NOW (Assamese)
অসম

জাতি-মাটি-ভেটিৰ চৰকাৰ! ৮০ শতাংশ স্থানীয় যুৱকক সংস্থাপন দিব থাকৰে চৰকাৰে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 28, 2019 9:59 pm
131390-tmbqmaazxa-1574433309

মহাৰাষ্ট্ৰত নতুন চৰকাৰে চৰকাৰী চাকৰিত ৮০ শতাংশ স্থানীয় যুৱকক সংস্থাপন দিব। ইয়াৰ বাবে চৰকাৰখনে এখন কঠোৰ আইন আনিব আৰু এই নীতি বৰ্তমানৰ লগতে নতুনকৈ স্থাপন কৰা সকলো কোম্পানীয়ে পালন কৰিব লাগিব।

“মহা বিকাশ অঘাড়ী’ৰ ফালৰ পৰা মহাৰাষ্ট্ৰত মিত্ৰজোঁট চৰকাৰৰ ন্যুনতম উমৈহতীয়া কাৰ্যসূচী বৃহস্পতিবাৰে প্ৰকাশ কৰা হৈছে।

শিৱসেনাৰ নেতা একনাথ শিণ্ডে এক সংবাদমেলৰ জৰিয়তে এই কাৰ্যসূচীৰ কথা সদৰী কৰে।

শিণ্ডে কয় যে মহাৰাষ্ট্ৰত তিনিটা দলে ৰাইজৰ হিতৰ কাৰণে একত্ৰিত হৈছে আৰু ন্যুনতম উমৈহতীয়া কাৰ্যসূচী প্ৰস্তুত কৰিছে।

তেওঁ লগতে কয় যে বৰ্তমান পৰিস্থিতিলৈ লক্ষ্য কৰি তিনিওটা দলে মহাৰাষ্ট্ৰৰ বিকাশৰ স্বাৰ্থত কাম কৰিব।

ন্যুনতম উমৈহতীয়া কাৰ্যসূচীত ধৰ্মনিৰপেক্ষতা সন্দৰ্ভত আটাইতকৈ অধিক গুৰুত্ব দিয়া হৈছে। অৰ্থাৎ শিৱসেনাৰ হিন্দুত্বৰ বিষয়টো পাছ পৰিল।

শিণ্ডে কয় যে চৰকাৰে জাতি,ধৰ্ম আদিক লৈ কোনো ভেদভাৱ নকৰে। বৰ্তমান পৰিস্থিতিত তিনিওটা দলে ৰাজ্যখনৰ বিকাশৰ কাম কৰিব। সৰ্বাংগীণ বিকাশৰ লক্ষ্য আগত ৰাখি কাৰ্যসূচী ৰূপায় কৰা হ’ব।

ন্যুনতম উমৈহতীয়া কাৰ্যসূচীত কৃষক, ব্যৱসায়ী, কৃষি শ্ৰমিক, উদ্যোগ আদিত নিয়োজিত সকলোকে ন্যায় প্ৰদানৰ কথা কোৱা হৈছে।

এন চি পিৰ নেতা নবাব মালিকে কয় যে আস্থা ভোটত বিজয়ী হোৱাৰ পাছত চৰকাৰখনে কৃষকৰ ঋণ ৰেহাই দিয়াৰ কথা বিবেচনা কৰিব।

অসমত জাতি-মাটি-ভেটিৰ চৰকাৰখনে খিলঞ্জীয়া থলুৱা যুৱক-যুৱতীৰ সংস্থাপনৰ ক্ষেত্ৰত ল’ব নোৱাৰা দৃঢ় স্থিতিৰ বিপৰীতে মহাৰাষ্ট্ৰৰ নতুন চৰকাৰখনে সংস্থাপনৰ ক্ষেত্ৰত লোৱা এনে সিদ্ধান্তই স্বাভাৱিকতে সকলোৰে দৃষ্টি কাঢ়িছে।