NORTHEAST NOW (Assamese)
অসম

৫ জুলাইত দেশৰ লগতে অসমৰ ছবিগৃহত মুক্তি পাব নেপালী চলচ্চিত্ৰ ‘আপ্পা’

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 25, 2019 6:31 pm

অসমৰ গুৱাহাটী, তেজপুৰ, তিনিচুকীয়া,গোলাঘাট, ডিব্ৰুগড়, মেঘালয়ৰ শ্বিলঙ, বৰ্ণিহাট আৰু নাগালেণ্ডৰ ডিমাপুৰৰ লগতে ভাৰতৰ ২৫খন চহৰত মুক্তি পাব নেপালী চলচ্চিত্ৰ ‘আপ্পা’ই। মহানগৰীৰ পল্টনবজাৰৰ হোটেল অতিথিত আজি এক সংবাদমেল সম্বোধন কৰি এই কথা জানিবলৈ দিয়ে নেপালী চলচ্চিত্ৰৰ তাৰকা দয়া হাং ৰায়ে। অহা ২৮ জুনত নেপালত মুক্তি লাভ কৰাৰ পিছত ৫ জুলাইত ভাৰতৰ চলচ্চিত্ৰগৃহত ছবিখনে মুক্তি লাভ কৰিব।

আনমুল গুৰুঙৰ নিৰ্দেশনা তথা ৰুদেন ছাদা লেপচাৰ প্ৰযোজনাত নিৰ্মিত ছবিখনত জনপ্ৰিয় নেপালী অভিনেতা দয়া হাং ৰায়ৰ লগতে অৰুণা কার্কী, সিদ্ধান্ত ৰাজ তামাং, আলোনা কাব লেপচাই অভিনয় কৰিব।

অসমত আহি নেপালৰ অভিনেতাগৰাকীয়ে কয়, ‘অসমবাসীৰ লগতে গৰমেও মোক গুৱাহাটীলৈ আদৰণি জনাইছে। অসমৰ খাদ্য মোৰ বহুত ভাল লাগিছে। মূলতঃ কাহিনীটোৰ দ্বাৰাই মই প্ৰথমতে চিনেমাখনত অভিনয় কৰিবলৈ আগ্ৰহী হ’লো।’

চিনেমাখনৰ ছুটিং দাৰ্জিলিঙৰ ঐতিহাসিক ঘূম ৰে’লৱে ষ্টেশ্যনৰ লগতে চান্দাকপো আৰু কালিমপংত হৈছিল বুলি ছবিখনৰ নিৰ্দেশক গৰাকীয়ে জানিবলৈ দিয়ে।

সংবাদমেলত উপস্থিত থাকি বিৰাজ ধীতাল শৰ্মাই কয়, ‘আপ্পাৰ অৰ্থ হৈছে দেউতা। অসম তথা উত্তৰ-পূবত প্ৰায় ৩০ লাখ নেপালী লোক আছে। তেওঁলোকক উদ্দেশ্য কৰি নিৰ্মিত আপ্পাৰ মুক্তিয়ে অসম তথা উত্তৰ-পূবত যথেষ্ট তাৎপৰ্য বহন কৰিছে।”