NORTHEAST NOW (Assamese)
অসম

লকডাউনৰ প্ৰসংগত বিশ্বনাথ জিলা প্ৰশাসনে জাৰি কৰিলে গুৰুত্বপূৰ্ণ নিৰ্দেশনা

Posted by: কাজি জেইদুল ইছলাম Updated by: কাজি জেইদুল ইছলাম May 4, 2020 5:07 pm

আজিৰ পৰা আৰম্ভ হোৱা তৃতীয় পৰ্য্যায়ৰ লকডাউনৰ সময়ত বিশ্বনাথ চাৰিআলি পৌৰ সভা এলেকাৰ ব্যৱসায়িক প্ৰতিস্থান সমূহ খোলাৰ ক্ষেত্ৰত কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে বিশ্বনাথ জিলা প্ৰশাসনে।

ৰাজ্য চৰকাৰৰ নিৰ্দেশ আৰু বিশ্বনাথ জিলা উপায়ুক্তৰ নিৰ্দেশনা অনুসৰি আজি জিলা প্ৰশাসন আৰু বিশ্বনাথ চাৰিআলি বনিক সন্থাৰ আলোচনা মৰ্মে জাৰি কৰা এই নিৰ্ধাৰিত নীতি-নিয়ম সমূহ মানি চলিহে ব্যৱসায়ীসকলে ব্যৱসায়ীক প্ৰতিস্থান সমূহ খুলিব পাৰিব।

জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশনা অনুসৰি অকলশৰীয়াকৈ থকা দোকান সমূহ সন্ধিয়া ৫ বজালৈকেহে খুলিব পাৰিব। আনহাতে লগালগিকৈ থকা দোকান সমূহ খোলাৰ ক্ষেত্ৰত এক বিশেষ নীতি গ্ৰহণ কৰা হৈছে।

সেই অনুসৰি ১নং দোকানখন খোলাৰ বিপৰীতে ২নং আৰু ৩নং দোকান বন্ধ থাকিব। এনেদৰে ৪নং দোকান খোলাৰ বিপৰীতে ৫নং আৰু ৬নং দোকান বন্ধ থাকিব। পৰৱৰ্তী দিনত ১নং দোকান বন্ধ থাকিব আৰু ২নং দোকান খুলিব পাৰিব।

এইদৰে প্ৰতিখন ব্যৱসায়িক প্ৰতিস্থান দুদিনৰ মুৰে মুৰে এদিন খুলিব পাৰিব। এই ক্ৰম পূবৰ পৰা পশ্চিমলৈ আৰু উত্তৰৰ পৰা দক্ষিণলৈ গণণা কৰা হ’ব।

অৱশ্যে গেলামালৰ দোকান, ফাৰ্মাচী আৰু কিতাপৰ দোকানৰ ক্ষেত্ৰত এই নিৰ্দেশ প্ৰযোজ্য নহব। এনেদৰে ক্ৰম নিৰ্দ্ধাৰণত বনিক সন্হাক বিশ্বনাথ চাৰিআলি পৌৰ সভাই প্ৰয়োজনীয় সহায় সহযোগিতা আগবঢ়াব বুলিও কোৱা হৈছে।

ইফালে শ্বপিং মল আদিত থকা সকলো দোকান বন্ধ থাকিব। সেইদৰে ৰেষ্টুৰেন্ট, ফাষ্ট ফুড, চাহ দোকান আদিয়ে ঘৰে ঘৰে যোগান (Home Delivery) ধৰিব আৰু কাউন্টাৰ চেলহে কৰিব পাৰিব। প্ৰতিষ্ঠানত গ্ৰাহকক খাদ্য খাবলৈ দিব নোৱাৰিব। এই ক্ষেত্ৰত তেওঁলোকে কেৱল এবাৰ ব্যৱহাৰ হোৱা সামগ্ৰী (Disposable) ব্যৱহাৰ কৰিব লাগিব।

আনহাতে চেলুন, বিউটি পাৰ্লাৰ আদি খোলাত বাধা আৰোপ কৰা হৈছে যদিও ঘৰলৈ গৈ চুলি, দাড়ি আদি কটাৰ কাম কৰিব পাৰিব।

প্ৰতিস্থান সমূহৰ সকলো কৰ্মচাৰীয়ে মাস্ক পৰিধান কৰা আৰু হাত ধোৱা ব্যৱস্থা ৰখাটো বাধ্যতামূলক কৰা হৈছে। ইয়াৰ লগতে প্ৰতিস্থান সমূহক এক মিটাৰ সামাজিক দূৰত্ব বজাই ৰাখিবলৈ কোৱা হৈছে।

ইয়াৰ উপৰি ৫ বছৰৰ তলৰ সন্তান থকা মহিলা কৰ্মচাৰী নিয়োগ কৰাত নিষেধাজ্ঞা আৰোপ কৰাৰ লগতে চিনেমা হল, শ্বপিং মল, জিম, ক্ৰীড়া প্ৰকল্প, বাৰ প্ৰেক্ষাগৃহ আদি খোলাত বাধা আৰোপ কৰা হৈছে।

ফাৰ্মাচীৰ বাহিৰে সকলো প্ৰতিস্থান ৫ বজাৰ পাছত বন্ধ কৰাটো বাধ্যতামূলক কৰা হৈছে। এই নিৰ্দেশ অমান্য কৰা নাইবা খোলাৰ ক্ষেত্ৰত ক্ৰম ভংগ কৰা প্ৰতিস্থান সমূহক দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনত জৰিমনা বিহা হ’ব বুলিও জিলা প্ৰশাসনে নিৰ্দেশটোত সকীয়াই দিছে।