NORTHEAST NOW (Assamese)

ভাৰত ভ্ৰমণৰত বিদেশ যাত্ৰীৰ বাবে নতুন নিৰ্দেশনা: কি আছে অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ নতুন নিৰ্দেশনাত

November 21, 2022 9:43 pm · এন ই নাও নিউজ, গুৱাহাটী

দেশত ক’ভিদ পৰিস্থিতি শাম কটাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত ভ্ৰমণ কৰা বিদেশৰ যাত্ৰীসকলৰ বাবে এক নতুন নিৰ্দেশনা জাৰি কৰা হৈছে। ভাৰতৰ অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে আজি সন্ধিয়া এই নতুন নিৰ্দেশনা জাৰি কৰিছে।

মন্ত্ৰালয়ৰ নতুন নিৰ্দেশনা অনুসৰি ক’ভিদকালীন সময়ত বিদেশৰ যাত্ৰীসকলে পূৰ্ণ কৰা ক’ভিদ টিকাকৰণৰ স্ব-ঘোষনা প্ৰ-পত্ৰ এতিয়াৰ পৰা পূৰণ কৰিব নালাগে। আজি মাজনিশাৰ পৰা এই নতুন নিৰ্দেশনা কাৰ্যকৰী হ’ব বুলি প্ৰকাশ কৰা হৈছে।

আজি সন্ধিয়া অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে জাৰী কৰা জাননীত ক’ভিদ-১৯ ৰ সংক্ৰমণ হ্ৰাস পোৱাৰ বাবে তথা বিশ্বৰ লগতে ভাৰততো ক’ভিদৰ প্ৰতিষেধক প্ৰয়োগত অগ্ৰগতিৰ সুবাদত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে আন্ত:ৰাষ্ট্ৰীয় বিমান যাত্ৰীসকলৰ বাবে এই সংশোধিত নিৰ্দেশনা প্ৰকাশ কৰিছে বুলি উল্লেখ কৰে।

উল্লেখ্য যে, ক’ভিদৰ ভয়াৱহ সংক্ৰমণৰ সময়ত বিদেশৰ পৰা অহা যাত্ৰীসকলে ‘এয়াৰ সুবিধা পৰ্টেল’ত ক’ভিদ টিকাকৰণৰ স্ব-ঘোষনা প্ৰ-পত্ৰ পূৰণ কৰিবলগীয়া হৈছিল।

এই নিয়ম আজিপৰ্যন্ত বাহাল ৰাখিছিল দেশৰ অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে। আজিৰ জাননীত এতিয়া পৰা আৰু এই ব্যৱস্থা প্ৰয়োজনীয় নহ’ব বুলি চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে।

কেন্দ্ৰই অৱশ্যে ক’ভিদ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰয়োজন হ’লে এই নিয়মৰ পুনৰীক্ষণ কৰিব পৰা যাব বুলি লগতে উল্লেখ কৰিছে।

Related News