NORTHEAST NOW (Assamese)
Popular Stories

ইতিহাসৰ পাতৰ পৰা উঠি আহিল নেকি ষ্টেলিন, গান্ধী আৰু নেহৰু! ৰাজনৈতিক মহলত সৰস চৰ্চা, কিয়?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 7, 2021 2:48 pm
ইতিহাসৰ পাতৰ পৰা উঠি আহিল নেকি ষ্টেলিন, গান্ধী আৰু নেহৰু! ৰাজনৈতিক মহলত সৰস চৰ্চা, কিয়?

ইতিহাসৰ পাতৰ পৰা উঠি আহিল নেকি ষ্টেলিন, গান্ধী আৰু নেহৰু?

আনকি আটাইকেওজনে এখন মন্ত্ৰীসভাতো স্থান লাভ কৰিলে!

অৱশ্যে এওঁলোক প্ৰকৃত ষ্টেলিন, গান্ধী অথবা নেহৰু নহয়।

তামিলনাডুৰ নব্যনিৰ্বাচিত মন্ত্ৰীসভাৰ মুখ্যমন্ত্ৰীকে ধৰি তিনিজন মন্ত্ৰীৰ নামহে এয়া!

ইয়াকে লৈ বৰ্তমান সৰস চৰ্চা হৈছে।

শুক্ৰবাৰে তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে এম কে ষ্টেলিনে শপতগ্ৰহণ পাঠ কৰে।

মন্ত্ৰীসভাত স্থান লাভ কৰিছে ডিএমকে নেতা কে এন নেহৰু আৰু আৰ গান্ধীয়ে।

নেহৰুৱে পৌৰমন্ত্ৰী হিচাপে স্থান লাভ কৰাৰ বিপৰীতে গান্ধীক প্ৰদান কৰা হৈছে বস্ত্ৰ, খাদি আৰু গ্ৰাম্য শিল্প বিভাৰ দায়িত্ব।

নেহৰুৱে তিৰুচি সমষ্টিৰ পৰা জয়ী হৈছে।

তেওঁৰ দেউতাক কংগ্ৰেছৰ সদস্য আছিল।

দেউতাকে তেওঁক দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ নামেৰে নামকৰণ কৰিছিল।

১৯৮৯ চনত তেওঁ প্ৰথমবাৰৰ বাবে ডিএমকে দলৰ বিধায়ক নিৰ্বাচিত হয়।

ৰাণীপেট সমষ্টিৰ পৰা জয়ী হৈছে আৰ গান্ধী।

মহাত্মা গান্ধীৰ উপাধিৰ পৰাই তেওঁক সেই নাম প্ৰদান কৰা হৈছিল বুলি জনা যায়।

আনহাতে, মুখ্যমন্ত্ৰী ষ্টেলিনৰ নাম ৰাখিছিল ৰাজ্যখনৰ প্ৰবাদপ্ৰতীম নেতা এম কৰুণানিধিয়ে।

ছোভিয়েট ৰাছিয়াৰ শাসক যোছেফ ষ্টেলিনৰ নামৰ পৰাই এই নাম দিয়া হৈছিল।

এতিয়া তামিলনাডুবাসীয়ে বিধানসভাত ষ্টেলিন-গান্ধী-নেহৰুক একেলগে দেখিবলৈ পাব!