NORTHEAST NOW (Assamese)
অসম

ক’ৰ’ণাৰ নতুন ৰূপ! এইবাৰ বয়সীয়াল লোকৰ তুলনাত কম বয়সৰ লোক হৈছে অধিক আক্ৰান্ত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 26, 2020 5:07 pm
a -covid-gty-img

২০১৯ চনৰ ডিচেম্বৰ মাহত প্ৰথমে চীনৰ ওহান আৰু তাৰ পিছত সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা ক’ৰ’ণা ভাইৰাছত ইমান দিনে মূলতঃ বয়সীয়াল লোকসকল অধিক আক্ৰান্ত হৈ আহিছিল যদিও শেহতীয়াকৈ দেখা দিয়া ক’ৰ’ণাৰ নতুন ষ্ট্ৰেইনে আক্ৰমণৰ লক্ষ্য যেন সলনি কৰিছে।

পূৰ্বতকৈয়ো অধিক সংহাৰী ৰূপত মূৰ দাঙি উঠা ক’ৰ’ণাৰ নতুন ষ্ট্ৰেইনে এইবাৰ বয়সীয়াল লোকৰ সলনি কম বয়সৰ ল’ৰা-ছোৱালীক অধিক আক্ৰান্ত কৰাৰ তথ্য পোৱা গৈছে।

প্ৰথমে ক’ৰ’ণাৰ নতুন ষ্ট্ৰেইন ব্ৰিটেইনত ধৰা পৰিছিল যদিও এতিয়া ইউৰোপৰ ৮ খন দেশলৈ বিয়পি পৰিছে এই নতুন ধৰণৰ ক’ৰ’ণা।

ভাৰতবৰ্ষতো ক’ৰ’ণাৰ নতুন ষ্ট্ৰেইন ধৰা পৰাৰ আশংকা কৰি বিদেশৰ পৰা অহা সকলো যাত্ৰীকে ভালদৰে পৰীক্ষা কৰাৰ ব্যৱস্থা হাতত লোৱা হৈছে।

SARS COV-2 নামৰ ক’ৰ’ণাৰ নতুন ষ্ট্ৰেইন বিশ্বত আৰু বহু লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ আশংকা ব্যক্ত কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই।

বিশ্বত এতিয়ালৈকে ৭৯,৭১২,০১০টি সংক্রমণৰ ঘটনা পোহৰলৈ আহিছে।

ভাৰতে ব্ৰিটেইনৰ পৰা অহা সকলো বিমানৰ প্ৰৱেশ দেশ খনত অহা ৩১ ডিচেম্বৰলৈ নিষিদ্ধ কৰিছে।