NORTHEAST NOW (Assamese)

কাৰ্যালয়ৰ ভিতৰতে যৌন কাৰ্যত লিপ্ত কেবিনেট মন্ত্ৰী, হেৰুৱালে চকী

July 22, 2020 3:41 pm · এন ই নাও নিউজ
Updated: July 22, 2020 6:22 pm
প্ৰধানমন্ত্ৰী জেচিণ্ডা

কৰ্ম উপাসনাৰ স্থল পবিত্ৰ কাৰ্যালয় কক্ষক এক প্ৰকাৰৰ পতিতালয়লৈ ৰুপান্তৰিত কৰা এজন কেবিনেট মন্ত্ৰীয়ে তেওঁৰ কৰ্মৰ ফল হাতে হাতে পালে।

ক্ষমতাৰ বলেৰে বলিয়ান এই গৰাকী প্ৰভাৱশালী কেবিনেট মন্ত্ৰীয়ে তেওঁৰ কাৰ্যালয় কক্ষৰ ভিতৰতে লিপ্ত হৈছিল অবৈধ যৌন সম্পৰ্কত।

কাৰ্যালয়ৰে এগৰাকী প্ৰাক্তন মহিলা কৰ্মীৰ সৈতে কেবিনেট মন্ত্ৰীজনে অবৈধ যৌন কাৰ্যত লিপ্ত হৈ অহাৰ কথা বহুতেই জানিছিল।

কিন্তু প্ৰভাৱশালী মন্ত্ৰীৰ ভয়ত কোনেও মুখ ফুটাই একো কব পৰা নাছিল। এশ গৰু মাৰিলে বাঘৰো মৰণ।

কেবিনেট মন্ত্ৰীৰ ক্ষেত্ৰতো একে দশাই হ’ল।

ঘটনাটো নিউজিলেণ্ডৰ। দেশখনৰ প্ৰব্ৰজন দপ্তৰৰ মন্ত্ৰী তথা তিনি সন্তানৰ পিতৃ লেইন লিছ গালোৱেৰ বিৰুদ্ধে উত্থাপন হৈ আহিছিল কাৰ্যালয়ৰ ভিতৰতে অবৈধ যৌন সম্পৰ্ক স্থাপন কৰাৰ অভিযোগ।

বিৰোধী দলৰ নেতা জুদিথ কলিন্সেও প্ৰমাণ সহ সেই অভিযোগ দাখিল কৰিছিল দেশ খনৰ প্ৰধান মন্ত্ৰী জেচিণ্ডা আৰ্ডেনৰ ওচৰত।

সকলো তথ্য প্ৰমাণ চাই হতবাক প্ৰধান মন্ত্ৰী জেচিণ্ডা।

নিউজিলেণ্ডৰ মহিলা প্ৰধানমন্ত্ৰী গৰাকীয়ে কোনো দিনে এনে কাৰ্যক প্ৰশ্ৰয় দিয়া নাই।

সেয়ে কেবিনেট মন্ত্ৰী গালোৱেকো দিয়া হ’ল অপসাৰণৰ নিৰ্দেশ।

ভুল কৰি এতিয়া কেবিনেট মন্ত্ৰী গালোৱেই ক্ষমা বিচাৰিছে,অৱশ্যে দেশৰ ওচৰত নহ’য়,পৰিয়ালৰ ওচৰতহে।

Related News