NORTHEAST NOW (Assamese)
অসম

শোকাবহ! গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বিচনাৰ পৰা পৰি মৃত্যু নৱজাতকৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 18, 2025 2:41 pm

সোমবাৰে পুৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত সংঘতিত হয় এক  শোকাবহ ঘটনা। চিকিৎসা মহাবিদ্যালয় খনৰ এনআইচিইউৰ বিচনাৰ পৰা পৰি মৃত্যু হয় এটি নৱজাতকৰ। জানিব পৰা মতে নুনমাটিৰ স্মিতা ডেকাৰ ঘৰত জন্মগ্ৰহণ কৰা কেঁচুৱাটো জণ্ডিচ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল। নিয়মীয়া পৰীক্ষাৰ সময়ত চিকিৎসালয়ৰ কৰ্মচাৰীয়ে দুটা কেঁচুৱা পৰি থকা বুলি জানিব পাৰিছিল, ইয়াৰে এটা কেঁচুৱা বিচনাখনত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে। সকলো চেষ্টাৰ পিছতো বচাব নোৱাৰিলে কেঁচুৱাটোক।

জিএমচিএইচৰ অধ্যক্ষ ডাঃ অচ্যুত চন্দ্ৰ বৈশ্যই ইয়াক চিকিৎসালয়ত এনেধৰণৰ প্ৰথম ঘটনা বুলি অভিহিত কৰি আভ্যন্তৰীণ তদন্তৰ নিৰ্দেশ দিয়ে। এই ঘটনা কেনেকৈ সংঘটিত হয় সেই বিষয়ে জানিবলৈ চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰা হৈছে। তেওঁ কয় যে এন আই চি ইউত ৮০টা কেঁচুৱাৰ বাবে ঠাই থকাৰ বাবে অতিমাত্ৰা ভিৰ এটা ডাঙৰ সমস্যা, কিন্তু প্ৰায়ে দুটা বা তিনিটা কেঁচুৱাক একেখন বিচনাত ৰাখিব লাগে।

ডাঃ বৈশ্যই পৰিয়ালটোক শোক প্ৰকাশ কৰাৰ লগতে তদন্তৰ ভিত্তিত কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। তেওঁ এই কাণ্ডক গাড়ী বা বিমান দুৰ্ঘটনাৰ সৈতে তুলনা কৰি কয় যে এই দুৰ্ঘটনাই তেওঁলোকক অসুৰক্ষিত কৰি তোলা নাই, জিএমচিএইচ এখন নিৰ্ভৰযোগ্য চিকিৎসালয় হৈয়েই আছে বুলি মত প্ৰকাশ কৰে।