NORTHEAST NOW (Assamese)
অসম

২৪ ছেপ্টেম্বৰৰ পৰা অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন

Posted by: এন ই নাও নিউজ September 5, 2018 8:19 am
assam-assembly

গ্ৰীষ্মকালীন অধিৱেশন পাতিবলৈ অনিচ্ছুক হোৱা চৰকাৰে এইবাৰ বিধানসভাৰ শৰৎকালীন অধিৱেশন অনুষ্ঠিত কৰিবলৈ সাজু হৈছে। এই অধিৱেশন অহা ২৪ ছেপ্তেম্বৰৰ পৰা ৫ অক্টোবৰলৈ অনুষ্ঠিত হ’ব।

৪ আগষ্টত বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতিৰ বৈঠকত উক্ত সময়ৰ ভিতৰত অধিৱেশন অনুষ্ঠিত কৰাটোত অনুমোদন জনোৱা হয়।

মুঠ ৯ দিন ধৰি বহিব লগীয়া অধিৱেশনত চৰকাৰে পৰিপূৰক মঞ্জুৰীৰ দাবী উত্থাপন কৰাৰ লগতে কেইবাখনো নতুন আৰু সংশোধনী বিধেয়ক উত্থাপন কৰাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে চৰকাৰে নিবিচৰা বাবেই এইবাৰ গ্ৰীষ্মকালীন অধিৱেশন অধ্যক্ষই প্ৰস্তাৱ কৰা সত্ত্বেও অনুষ্ঠিত নহ’ল। অধ্যক্ষই ১৫ জুলাইৰ পৰা ১৫ আগষ্টৰ ভিতৰত গ্ৰীষ্মকালীন অধিৱেশন অনুষ্ঠিত কৰিবলৈ প্ৰস্তাৱ দিছিল।

আনহাতে অধ্যক্ষৰ প্ৰস্তাৱিত সময়সূচীত শৰৎকালীন অধিৱেশনৰ কথা নাছিল যদিও চৰকাৰে এই সময়ত অধিৱেশন পাতিব পৰা যাব বুলি ইংগিত দিয়া বাবেই বিধানসভা সচিবালয়ে প্ৰস্তুতি আগ বঢ়াইছে।